NORTHEAST NOW (Assamese)
মিজোৰাম

অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ মিজোৰাম চৰকাৰৰ নতুন পদক্ষেপ গ্ৰহণ

Posted by: এন ই নাও নিউজ December 22, 2017 11:58 am
অবৈধ অনুপ্ৰৱেশকাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ মিজোৰাম চৰকাৰৰ নতুন পদক্ষেপ গ্ৰহণ

দিনক দিনে বৃদ্ধি পোৱা বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ সমস্যা কিদৰে সমাধান কৰিব পাৰি তাৰ বাবে মিজোৰাম চৰকাৰৰ উদ্যোগত শীৰ্ষ পুলিচ বিষয়া, সীমা সুৰক্ষা বলৰ প্ৰতিনিধি আৰু নাগৰিক সমাজৰ নেতাৰ লগত এক আলোচনাত মিলিত হয়। তথ্যহীন অনুপ্ৰৱেশকাৰী অবৈধ বাংলাদেশীক চিনাক্ত কৰি বহিস্কাৰ কৰাৰ বাবে জিলা পৰ্যায়ৰ বিশেষ তাস্ক ফ’ৰ্ছ কমিটি গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অনুপ্ৰৱেশকাৰী সমস্যাৰ পৰা কিদৰে উপশম পাব পাৰি সেই বিষয়ে দক্ষিণ মিজোৰামৰ লুংলিত, জিলা উপায়ুক্ত বেঞ্জামিন লালজামাৰ নেতৃত্বত কমিটিখনে আলোচনা কৰে বুলি চৰকাৰী সূত্ৰই জানিব দিয়ে। এই আলোচনাতে সীমান্ত অঞ্চল সমূহত জন্মৰ পঞ্জীয়ন আৰু ঠিকনাৰ প্ৰমাণ পত্ৰ দিওতে যাতে কোনো বিদেশীৰে নাম আৰু ঠিকনা অন্তৰ্ভক্ত নহয় তাৰ প্ৰতি বিশেষ ভাবে লক্ষ্য ৰাখিবলৈ কৰ্তৃপক্ষক আহ্বান জনায়। ইয়াৰ উপৰি অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি বহিস্কাৰৰ বাবে সৰ্বোত প্ৰকাৰৰ প্ৰয়াস কৰাৰ আদেশ দিয়ে।

বাংলাদেশী নাগৰিক মূলত চাকমা সম্প্ৰদায়ৰ লোকে মিজোৰামত বিভিন্ন সমস্যাৰ উদ্ভৱ কৰিছে বুলিও জনায়। লক্ষ্যণীয় যে মিজোৰামৰ ৩১৮ কিলোমিটাৰ আন্ত:ৰাষ্ট্ৰীয় সীমা বাংলাদেশৰ লগত আছে।

মিজোৰামৰ থলুৱা লোকৰ হৈ কাম কৰি থকা বিভিন্ন দল-সংগঠন তথা এন জি অই বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যা সমাধানৰ বাবে সময়ে সময়ে কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো একো সমাধান সূত্ৰ উলিয়াব পৰা নাই বুলি ক্ষেদ প্ৰকাশ কৰে।