NORTHEAST NOW (Assamese)
অসম

২০১৮ ৰ মে’ৰ পিছত গোৰ্খাসকলক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ বিষয়ে সিদ্ধান্ত ল’ব কেন্দ্ৰই

Posted by: এন ই নাও নিউজ December 22, 2017 12:54 pm

গোৰ্খা সম্প্ৰদায়ে অনুসূচীত জনজাতিৰ মৰ্যাদা বিচাৰি কৰি অহা দীৰ্ঘদিনীয়া দাবীটো অৱশেষত এটা পৰ্যায়ত আহি উপনীত হোৱা দেখা গৈছে। কেন্দ্ৰীয় চৰকাৰে অহা ২০১৮ বৰ্ষৰ মে’ৰ পিছত এই বিষয়ে সিদ্ধান্ত লোৱাৰ কথা চিন্তা কৰিছে।

কেন্দ্ৰীয় চৰকাৰে অহা বছৰৰ মে’ মাহত এই বিষয়ত গঠন কৰা আমন্ত্ৰিত সমিতিয়ে ইয়াৰ পৰামৰ্শ আৰু অনুমোদন সম্বলিত প্ৰতিবেদন দাখিল কৰাৰ পিছতে বিষয়টো চালি জাৰি চাব।

কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে গঠন কৰি দিয়া কমিটিখনে যোৱা ১৩ নৱেম্বৰতে ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলগীয়া আছিল যদিও

পিছত ইয়াক দাখিলৰ সময়সীমা ২০১৮ ৰ ১৩ নৱেম্বৰলৈ বৃদ্ধি কৰা হয়।

মন্ত্ৰালয়ৰ উপ সঞ্চালক প্ৰধান বিষ্ণু মাইনীৰ অধ্যক্ষতাত গঠন কৰি দিয়া কমিটিখনে ছিকিম, পশ্চিমবংগ আৰু আন ৰাজ্যত বাস কৰা ১১ গোৰ্খা সম্প্ৰদায়ৰ নেতাসকলক সাক্ষাৎ কৰাৰ কথা।

সম্প্ৰদায়টোৱে দেশৰ ছিকিম,দাৰ্জিলিং আৰু অন্যান্য গোৰ্খা অধ্যুষিত ৰাজ্য বা অঞ্চলৰ ভুজেল, গুৰুঙ, মানগাৰ, নেৱাৰ, যোগী, খাচ, ৰাই, ছানৱাৰ, থামি, য়াখা আৰু ধীমালসকলক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ দাবী উত্থাপন কৰি আহিছে।

অলপতে ছিকিমৰ গোৰ্খা সম্প্ৰদায়ৰ এটা প্ৰতিনিধি দলে ড’নাৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰোতে নতুনকৈ নিৰ্দ্ধাৰিত কৰা তাৰিখৰ কথাটো ঘোষণা কৰিছিল। মন্ত্ৰীগৰাকীয়ে প্ৰতিনিধি দলটোক আশ্বাস দিছিল যে জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি আছে।

ছিকিমৰ লোকসভাৰ সাংসদ পি ডি ৰাই য়ে সংসদৰ শীতকালীন অধিৱেশনৰ আগেয়ে যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগত বিষয়টো উত্থাপন কৰিছিল।

ছিকিমৰ মুখ্যমন্ত্ৰী পৱন কুমাৰ ছামলিঙেও ছিকিমৰ জনসাধাৰণৰ স্বাৰ্থত বিষয়টো পুনৰ উত্থাপন কৰিছে।