NORTHEAST NOW (Assamese)

অবৈধ ইন্ধনৰ সৈতে ভূটান সীমান্তত দুজন লোকক আটক

February 11, 2018 10:51 pm · দীপক কুমাৰ পাঠক

অবৈধ ইন্ধন সৰবৰাহ কৰা অভিযোগত আজি আবেলি বাক্সা জিলাৰ ভূটান সীমান্তত দৰংমেলা আৰক্ষী চকীৰ অন্তৰ্গত পাটিকজুলী গাঁৱত ২৪ নং এছ এছ বি বেটেলিয়নে দুজন লোকক আটক কৰে।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি সীমান্ত সুৰক্ষা বাহিনীৰ এটা দলে পাটকিজুলী গাঁৱত অভিযান চলাই ২২৫ লিটাৰ আৰু ২৫ লিটাৰ ডিজেল জব্দ কৰে।

এই সংক্ৰান্তত দলটোৱে দুজন লোকক আটক কৰাৰ লগতে লোক দুজনৰ কবলৰ পৰা এখন মটৰচাইকেল আৰু দুটা মোবাইল ফোন জব্দ কৰে।

জব্দ কৰা সামগ্ৰী সমূহৰ সৈতে ধৃত লোক দুজনক সীমান্ত সুৰক্ষা বাহিনীয়ে পিছত দৰংমেলা আৰক্ষী চকীত গটাই দিয়ে।

জব্দ কৰা ইন্ধনখিনিৰ মূল্য প্ৰায় ৬০ হাজাৰ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আনহাতে এই সংক্ৰান্ত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

Related News