NORTHEAST NOW (Assamese)
অসম

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 29, 2026 6:53 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

অসমত অব্যাহত থকা ভয়ংকৰ বান পৰিস্থিতি আৰু বানপীড়িত ৰাইজৰ দুৰ্দশাক লৈ ৰাজ্যৰ শাসকীয় চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে। গুৱাহাটীস্থিত ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত আজি দলৰ সংবাদ মাধ্যম আৰু প্ৰচাৰ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, উপদেষ্টা তথা প্ৰাক্তন সাংসদ আব্দুল খালেক আৰু এপিচিচিৰ সাধাৰণ সম্পাদক শান্তনু বৰাই ৰাজ্যৰ বান পৰিস্থিতি, চৰকাৰী অৱহেলা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ চৰকাৰক চোকা সমালোচনা কৰে। নিৰ্বাচনৰ সময়ত ভাষণৰ ফুলজাৰিৰে প্ৰচাৰ চলোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই বান বিপৰ্যয়ৰ সময়ত কেৱল টেলিফোনিক বাৰ্তালাপতেই নিজৰ দায়িত্ব সামৰাক লৈ কংগ্ৰেছ নেতাসকলে গভীৰ ক্ষোভ উজাৰে।

সংবাদমেলত বক্তব্য ৰাখি প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় যে উজনি অসমৰ যোৰহাট, শিৱসাগৰ, নাজিৰা, চৰাইদেউ, সোণাৰি, মৰিয়নি, গোলাঘাট আদি পূৰ্বে অভ্যস্ত নোহোৱা এলেকাৰ মানুহে এতিয়াও বানপানীত ককবকাই থাকিবলগীয়া হৈছে। বিজেপি চৰকাৰে বানমুক্ত অসম কৰা হব বুলি একাধিকবাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। চৰকাৰে বানপীড়িত প্ৰতিটো পৰিয়ালক ১৫ হাজাৰ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে যদিও এই ধন এপাচি শাকত এটা জালুকৰ লেখীয়া বুলিও বৰাই। চৰকাৰক সমালোচনা কৰি বৰাই কয়, “বানপানী হ’লে বা অন্যান্য প্ৰাকৃতিক দুৰ্যোগ হ’লে প্ৰাৰম্ভিক পৰ্যায়ত নূন্যতম ডেৰ লাখ টকাকৈ প্ৰতিটো পৰিয়ালক সাহায্য দিব লাগে। পৰৱৰ্তী সময়ত ক্ষতিৰ পৰিমাণ চাই চৰকাৰে বাকী ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, কিন্তু ১৫ হাজাৰ টকাতে সকলো সামৰিব বিচাৰিলে মানুহৰ প্ৰাথমিক সমস্যাও সমাধান নহয়।”

চৰকাৰৰ সংবেদনহীনতাক সমালোচনা কৰি বৰাই আৰু কয়, “বানপানী হৈ থকাৰ সময়ত এইখন চৰকাৰ ইমানেই দায়িত্বজ্ঞানহীন আৰু অসংবেদনশীল যে ৰাইজৰ দুখ-দুৰ্দশাৰ প্ৰতি চৰকাৰখনে কোনো গুৰুত্ব দিয়া নাই।” তেওঁ উল্লেখ কৰে যে এনে দুৰ্যোগৰ সময়তো ৰাজ্যৰ সকলো টোলগেটত মাচুল বৃদ্ধি কৰা হৈছে। আনকি স্বাস্থ্যখণ্ডতো বিপৰ্যয় নামি আহিছে; গুৱাহাটীৰ কৰ্কট চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা বানপীড়িত দুখীয়া ৰোগীৰ চিকিৎসা আৰু বেডৰ মাচুল ৭০ ৰ পৰা ১০০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰা হৈছে। ইফালে, সুলভ মূল্যত ঔষধ পোৱা চেণ্ট্ৰেল ফাৰ্মাচী বন্ধ কৰি দিয়া হৈছে। স্বাস্থ্যমন্ত্ৰীয়ে বিনামূলীয়া ঔষধৰ কথা ক’লেও বাস্তবত আয়ুষ্মান কাৰ্ড নাথাকিলে কোনো ঔষধ বিনামূলীয়াকৈ পোৱা নাযায়। আয়ুষ্মান কাৰ্ড থাকিলেও সুবিধা পাবলৈ হলে বহু নাটক চলে বুলিও বৰাই কয়। লগতে ৰাজ্য চৰকাৰৰ এছডিআৰএফৰ পুঁজিত অব্যৱহৃত ১৬০০ কোটি টকা জমা হৈ থকাৰ পিছতো কিয় বানপীড়িতক তৎকালীনভাৱে সাহায্য প্ৰদান কৰা নাই আৰু মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ বাবে ধন কিয় বিচাৰি ফুৰিছে, তাক লৈও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

ইফালে, জিলা প্ৰশাসনৰ চৰম গাফিলতি আৰু জৰুৰী সংকেত নিদিয়াৰ বাবেই নিশাৰ ভিতৰতে মানুহৰ ঘৰ-বাৰী, পশুধন উটি-ভাহি গল বুলি অভিযোগ তুলি ইয়াৰ উচ্চস্তৰীয় তদন্তৰ দাবী জনায় কংগ্ৰেছে। বৰাই কয় যে ১৮ জুনৰ পৰাই ধাৰাবাহিক বৰষুণ হৈ থকাৰ পিছতো ফুটবল বিশ্বকাপৰ ফাইনেল খেল চোৱাত ব্যস্ত থকাৰ বাবে জিলা প্ৰশাসনে কোনো জৰুৰী সতৰ্কবাণী জাৰি নকৰিলে। অতিকৈ গুৰুত্বপূৰ্ণ কথাটো হল, ৭০ জনতকৈও অধিক লোকৰ মৃত্যু হোৱা আৰু হাজাৰ কোটি টকাৰ ক্ষতি হোৱাৰ পিছতো বিধানসভাত বিৰোধীয়ে অনা সভা স্থগিত প্ৰস্তাৱ চৰকাৰে অগ্ৰাহ্য কৰিলে আৰু বান সন্দৰ্ভত কোনো আলোচনা হবলৈ নিদিলে।

সংবাদমেলত বক্তব্য ৰাখি প্ৰাক্তন সাংসদ তথা মিডিয়া বিভাগৰ উপদেষ্টা আব্দুল খালেকে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্বিকাৰ ভূমিকাক তীব্ৰ ভাষাত গৰিহণা দিয়ে। তেওঁ কয় যে ধেমাজি বা নামনি অসমৰ মানুহ বানপানীৰ সৈতে অভ্যস্ত যদিও শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাত এনে অভূতপূৰ্ব বানপানী কেতিয়াও হোৱা নাছিল। কেন্দ্ৰীয় নেতাসকলৰ ভূমিকাক লৈ ক্ষোভ প্ৰকাশ কৰি খালেকে কয়, “যেতিয়া নিৰ্বাচন আহে, তেতিয়া বিজেপিৰ কেন্দ্ৰীয় নেতাসকলে ধাৰাবাহিকভাৱে অসমলৈ আহি ভাষণৰ ফুলজাৰি মাৰে। কিন্তু আমাৰ ৰাইজৰ এই ভয়ংকৰ দুখ-দুৰ্দশাৰ সময়ত সমভাগী হ’বলৈ তেওঁলোকৰ অকণমানো সময় নাই।” প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী বা কেন্দ্ৰীয় কৃষিমন্ত্ৰী কোনো এজনো অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ বা অন্ততঃ আকাশীমাৰ্গেৰে চাৰ্ভে কৰিবলৈকো নাহিল বুলি তেওঁ ক্ষোভ প্ৰকাশ কৰে।

 

জলসম্পদ মন্ত্ৰীৰ তথ্যৰ উদ্ধৃতি দি খালেকে কয় যে ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে বান প্ৰতিৰোধ ক্ষমতা হেৰুৱাই পেলাইছে, যিটো পৰৱৰ্তী সময়ৰ বাবে অত্যন্ত বিপদজনক। সেয়েহে জৰুৰীভাৱে মথাউৰিসমূহ শক্তিশালী কৰাৰ উপৰি বানপ্ৰভাৱিত জিলাকেইখনত এমজিএনআৰেজিএ-ৰ অন্তৰ্গত ২৫ দিনৰ মজুৰিৰ কাম অবিলম্ভে মুকলি কৰি দিবলৈ তেওঁ দাবী জনায়। ইয়াৰ উপৰিও, জিলা খনিজ প্ৰতিষ্ঠান (ডিএমএফ) আৰু অএনজিচিৰ দৰে পাব্লিক আৰু প্ৰাইভেট ছেক্টৰৰ কোম্পানীসমূহৰ চিএছআৰ ফাণ্ড বানপীড়িত লোকৰ ঘৰ নিৰ্মাণ, পথাৰৰ বালি-বোকা মাটি আঁতৰোৱা আৰু বিদ্যালয় মেৰামতিৰ বাবে মুকলি কৰি দিয়াৰ পৰামৰ্শ আগবঢ়ায়। অৰুণোদয় আঁচনিৰ বৰ্ধিত ২৫০০ টকাৰ সাহায্য কেৱল নিৰ্বাচিত লোকৰ পৰিৱৰ্তে বানপ্ৰভাৱিত জিলাসমূহৰ সকলো মহিলালৈ সম্প্ৰসাৰণ কৰাৰ উপৰি ব্ৰহ্মপুত্ৰৰ জলপথ উন্নয়ন কৰা আৰু অসমৰ বান সমস্যাক  শীঘ্ৰে ‘ৰাষ্ট্ৰীয় দুৰ্যোগ’ হিচাপে ঘোষণা কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা সজোৰে দাবী উত্থাপন কৰা হয়।