NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 29, 2026 5:48 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰদিনৰ বাবে অৱসৰ ঘোষণা কৰিলে ব্ৰাজিলৰ তাৰকা ফুটবলাৰ নেইমাৰে। ব্ৰাজিলৰ হৈ সৰ্বাধিক গ’ল কৰা এই খেলুৱৈগৰাকীৰ ১৬ বছৰীয়া দীঘলীয়া কেৰিয়াৰৰ অৱসান ঘটিল। কোপা চুডামেৰিকানাত ভেনিজুৱেলাৰ ইউনিভাৰ্চিদাদ চেণ্ট্ৰেলক তেওঁৰ বৰ্তমানৰ ক্লাব ছাণ্টোছে ৪-২ গ’লত পৰাস্ত কৰাৰ পাছতেই ৩৪ বছৰীয়া ফৰৱাৰ্ডগৰাকীয়ে নিজৰ ভৱিষ্যতৰ কথা আনুষ্ঠানিকভাৱে জানিবলৈ দিয়ে।

২০২৬ চনৰ ফিফা বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত নৰৱেৰ হাতত পৰাস্ত হৈ ব্ৰাজিল প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছিল। এই পৰাজয়ে সমৰ্থকসকলৰ হৃদয় ভাঙি পেলাইছিল আৰু সেয়াই আছিল পাঁচবাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ হৈ নেইমাৰৰ শেষৰখন মেচ। অৱশ্যে তেওঁৰ মনত কোনো আক্ষেপ নাই। দেশৰ হৈ খেলি তেওঁ সদায় নিজৰ এশ শতাংশ উজাৰি দিছিল। ছাণ্টোছৰ মেচখনৰ অন্তত নেইমাৰে কয় যে ৰাষ্ট্ৰীয় দলৰ সৈতে তেওঁৰ সময় শেষ হৈছে। তেওঁ ইতিহাস সৃষ্টি কৰিবলৈ পাই বহুত সুখী বুলিও মন্তব্য কৰে। হালধীয়া জাৰ্চিটোৰ বাবে তেওঁ নিজৰ তেজ আৰু জীৱন দি সদায় যুঁজ দিছিল যদিও এতিয়া আৰু তেওঁ যুঁজিব নিবিচাৰে বুলি স্পষ্ট কৰি দিয়ে।

এই ঘোষণাৰ লগে লগে ব্ৰাজিলৰ ফুটবলৰ এক সোণালী অধ্যায়ৰ অন্ত পৰিল। কোপা আমেৰিকা, অলিম্পিকৰ পৰা আৰম্ভ কৰি বিশ্বকাপলৈকে সকলোতে তেওঁৰ দপদপনি দেখা গৈছিল। আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ পৰা বিদায় লোৱাৰ পাছত তেওঁ এতিয়া কেৱল ছাণ্টোছ ক্লাবৰ হৈ খেলাত মনোযোগ দিব। শেহতীয়াকৈ নেইমাৰক লৈ এক নতুন বিতৰ্কৰ সৃষ্টি হৈছিল। অভিযোগ অনুসৰি এখন ড্ৰ মেচৰ পাছত ড্ৰেছিং ৰুমত তেওঁ নিজৰ দলৰ নৱাগত খেলুৱৈসকলক অপমান কৰাৰ লগতে ভয় খুৱাইছিল। পিছে প্ৰাক্তন ব্ৰাজিল অধিনায়কগৰাকীয়ে এই সকলোবোৰ কথা অস্বীকাৰ কৰে।

নিজৰ মন্তব্যৰ স্পষ্টীকৰণ দি বিদায়ী তাৰকাগৰাকীয়ে কয় যে দলৰ মানদণ্ড উন্নত কৰাৰ স্বাৰ্থতেই তেওঁ কঠোৰ পদক্ষেপ লৈছিল। মেচখনৰ পাছত তেওঁ কেৱল খেলুৱৈসকলৰ পৰা আৰু ভাল প্ৰদৰ্শন আশা কৰিছিল আৰু তেনেকুৱা এটা ড্ৰ কোনো কাৰণতে মানি ল’ব নোৱাৰি বুলি কৈছিল। অধিনায়ক হিচাপে এই কথা কোৱাৰ তেওঁৰ সম্পূৰ্ণ অধিকাৰ আছে বুলিও তেওঁ জনায়। তেওঁৰ লগতে লুকাস ভেৰিচিমো আৰু গেবিগলেও খেলুৱৈসকলৰ সৈতে কথা পাতিছিল। এই সকলো বিতৰ্কৰ মাজতো কোপা চুডামেৰিকানাত ছাণ্টোছৰ জয়ত নেইমাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ ফলত ব্ৰাজিলৰ ক্লাবটোৱে প্ৰতিযোগিতাখনৰ শেষ ষোল্লত প্ৰৱেশ কৰিছে আৰু পৰৱৰ্তী মেচত তেওঁলোক ইকুয়েডৰৰ ক্লাব মাকাৰাৰ মুখামুখি হ’ব।