NORTHEAST NOW (Assamese)

অষ্ট্ৰেলিয়া চৰকাৰক ‘ফেচিষ্ট’ আখ্যা ইলন মাস্কৰ : কিন্তু কিয়?

September 14, 2024 7:00 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: September 13, 2024 9:33 pm

ছ’চিয়েল মিডিয়াত ভুৱা তথ্য প্ৰচাৰ ৰোধ কৰিবলৈ অষ্ট্ৰেলিয়াই নতুন আইন প্ৰণয়ন কৰিছে। এই আইনৰ অধীনত ছ’চিয়েল মিডিয়াই অনলাইনত ভুল তথ্য প্ৰচাৰ ৰোধ কৰিব নোৱাৰিলে জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছে। অষ্ট্ৰেলিয়াৰ এনে পদক্ষেপৰ পিছতে ইলন মাস্কে অষ্ট্ৰেলিয়াৰ চৰকাৰক ‘ফেচিষ্ট’ বুলি অভিহিত কৰে।

বৃহস্পতিবাৰে অষ্ট্ৰেলিয়াৰ সংসদত প্ৰস্তাৱিত আইন অনুসৰি দেশখনৰ চৰকাৰে ছ’চিয়েল মিডিয়া কোম্পানীসমূহক ভুৱা তথ্য বিয়পোৱাৰ বাবে বিশ্বৰ ৰাজহৰ ৫ শতাংশ পৰ্যন্ত জৰিমনা বিহিব।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কে অষ্ট্ৰেলিয়াৰ এই পদক্ষেপৰ বিৰুদ্ধে এটা পোষ্টত এটা শব্দৰে উত্তৰ দিয়ে। অষ্ট্ৰেলিয়াৰ এই পদক্ষেপৰ খবৰ শ্বেয়াৰ কৰি তেওঁ লিখে – ‘ফেচিষ্ট’।

অষ্ট্ৰেলিয়া চৰকাৰৰ মন্ত্ৰী বিল শ্বৰ্টনে কয় যে মাস্কৰ কথা বাক স্বাধীনতাৰ সৈতে অসঙ্গতিপূৰ্ণ।

ইফালে একাংশ লোকে কয় যে অষ্ট্ৰেলিয়াই তথাকথিত ভুল তথ্য অনলাইনত বিয়পি পৰাটো ৰোধ কৰিব নোৱাৰাৰ বাবে ইণ্টাৰনেট প্লেটফৰ্মসমূহক তেওঁলোকৰ বিশ্ব ৰাজহৰ ৫ শতাংশ পৰ্যন্ত জৰিমনা বিহাব বিচাৰিছে।

Related News