NORTHEAST NOW (Assamese)
অসম

অসমতো পাঞ্জাব নেশ্যনেল বেংকত কেলেংকাৰি : ভুৱা নথি-পত্ৰৰে বিল্ডাৰে সৰকালে ২.৫ কোটি টকা

Posted by: এন ই নাও নিউজ March 7, 2018 9:59 am
PanjabBank

পাঞ্জাব নেশ্যনেল বেংকৰ কেলেংকাৰিয়ে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ মাজতে অসমতো এই বেংকটোত সংঘটিত এক কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে পাঞ্জাব নেশ্যনেল বেংকৰ গুৱাহাটীৰ জু-ৰোডত থকা শাখাৰ পৰা এজন বিল্ডাৰে কৌশলেৰে ২.৫০ কোটি টকা উলিয়াই নিছে যোৱা ২০১৬ চনতে।

এই বিল্ডাৰজনৰ নাম হ’ল ফণীধৰ তালুকদাৰ। তেওঁ মেছাৰ্চ স্কাই স্ক্ৰেপাৰ্ছ ৰিয়েল ইষ্টেট প্ৰাইভেট লিমিটেড নামৰ এটা নিৰ্মাণ প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী। তেওঁ ২০১৬ চনত ফ্লেট ক্ৰয়-বিক্ৰয়ৰ ভুৱা নথি দেখুৱাই বেংকটোৰ পৰা ২.৫০ কোটি টকাৰ ঋণ ল’বলৈ সক্ষম হয়।

পিছত বেংকে এইবোৰ পৰীক্ষা কৰি দেখে যে তেওঁ একেটা ফ্লেটকে একাধিকবাৰ বিক্ৰী কৰা দেখুৱাইছে আৰু তেওঁ ঋণৰ বাবে জমা দিয়া নথিবোৰ ভুৱা।

এই কথা অৱগত হৈ বেংক কৰ্তৃপক্ষই অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাত তেওঁৰ বিৰুদ্ধে এটা গোচৰ (নং ২/১৮) দিয়ে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে ফণীধৰ তালুকদাৰ, তেওঁৰ প্ৰধান সহযোগী বানোৱাৰীলাল পাৰিক আৰু তেওঁৰ প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী ক্ৰমে অমৰেন্দ্ৰ কলিতা, শৈলেন্দ্ৰ ৰয় আৰু সৰোজ শৰ্মাক গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা ৬ মাৰ্চত গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰামতে ফণীধৰ তালুকদাৰে এবাৰ ১ কোটি, এবাৰ ৭৫ লাখ আৰু এবাৰ ৮৩ লাখ, মুঠ ২.৫৮ লাখ টকাৰ ঋণ লৈছিল।

জানিব পৰামতে ফণীধৰ তালুকদাৰৰ ভূমাফিয়া হিচাপেও কুখ্যাতি আছে। আনহাতে তেওঁ পূৰ্বতে দুবাৰকৈ ভবানীপুৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। এবাৰ কংগ্ৰেছৰ টিকটত আৰু এবাৰ নিৰ্দলীয় হিচাপে।

উল্লেখযোগ্য যে অলপতে পাঞ্জাব নেশ্যনেল বেংকৰ ১১৪০০ কোটি টকাৰ বৃহৎ পৰিমাণৰ ঋণ ঘূৰাই দিবলৈ বাকী থকা অৱস্থাত নীৰৱ মোদী নামৰ এজন হীৰা ব্যৱসায়ীয়ে দেশৰ পৰা পলাই গৈছিল। এই বৃহৎ কেলেংকাৰিয়ে বেংকটোক এক প্ৰকাৰৰ মাধমাৰ শোধোৱাৰ লগতে গোটেই দেশ জুৰি ই চাঞ্চল্যৰ সৃষ্টি কৰিছিল।