NORTHEAST NOW (Assamese)
অসম

অসমত তৃণমূল নিশ্চিহ্ন হোৱাৰ পথত!! ৰাজ্যিক সভাপতিৰ পিছত ৰাজ্যিক সাঃ সম্পাদক হৰেকৃষ্ণ গগৈৰ দলত্যাগ

Posted by: এন ই নাও নিউজ August 3, 2018 11:47 pm
Mamata-678x381

অসমত চলি থকা এন আৰ চি প্ৰক্ৰিয়াক লৈ ৰাজনীতিৰ নামত সাম্প্ৰদায়িক উচটনি দিয়া তথা বাঙালীসকলৰ বিৰুদ্ধে এই প্ৰক্ৰিয়াটোক ষড়যন্ত্ৰ আখ্যা দিয়া তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ স্থিতি ক্ষুব্ধ হৈ পৰিছে দলটোৰ অসম ৰাজ্যিক শাখা।

উল্লেখযোগ্য যে ২ জুলাইত পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যিক নেতৃত্বৰ বাধালৈ কাণ নিদি অসমলৈ দলটোৰ প্ৰতিনিধি প্ৰেৰণ কৰা আৰু অসম বিৰোধী স্থিতি লোৱা বাবে দলটোৰ অসমৰ সভাপতি দীপেন পাঠকে দলত্যাগ কৰিছিল।

ইয়াৰ পিছতো দলটোত ক্ষোভৰ চোক অব্যাহত থাকে। আজি দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক হৰেকৃষ্ণ গগৈয়েও ‘দলত্যাগ কৰিম’ বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে।

আনহাতে মহিলা তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী বিবুলয়া গগৈয়েও পদত্যাগ কৰাৰ কথা কৈছে।

উল্লেখযোগ্য যে ৰাজ্যিক সাধাৰণ সম্পাদক হৰেকৃষ্ণ গগৈ দলটোৰ এজন পুৰণি কৰ্মী আৰু তেওঁ দলীয় টিকটত ২০১১ চনত নাজিৰা সমষ্টিৰ পৰা বিধানসভাত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ইফালে মহিলা তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভানেত্ৰী বিবুলয়া গগৈয়েও ২০১৪ চনৰ যোৰহাট লোকসভা সমষ্টিৰ পৰা দলীয় টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

আমালৈ অহা সংবাদ মতে, সমগ্ৰ ৰাজ্যখনতে দলটোৰ কৰ্মীসকলৰ মাজত নেতৃত্বৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে। বহুতো জিলা কমিটীয়ে সমূহীয়া পদত্যাগৰ বাবে সাজু হৈছে। অসমৰ জাতীয় স্বাৰ্থক সকলোৱে অগ্ৰাধিকাৰ দি মমতাৰ অসম আৰু অসমীয়া বিৰোধী স্থিতিক সমালোচনা কৰাৰ লগতে দল ত্যাগ কৰাৰ সংকল্প লৈছে। ফলত ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ ভৱিষ্যৎ প্ৰায় আন্ধাৰৰ দিশত।