NORTHEAST NOW (Assamese)
অসম

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈত উদ্ধাৰ মৃতদেহ

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ May 22, 2022 12:21 pm

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ মটঙা নৈত উদ্ধাৰ হৈছে এটা মৃতদেহ। নাগাপুৰৰ মাজেদি বৈ যোৱা মটঙা নৈত উদ্ধাৰ হৈছে লোকজনৰ মৃতদেহ।

শনিবাৰে আবেলি নৈৰ মাজত মৃতদেহটো পৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে কুমাৰীকাটা আৰক্ষী চকীত খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় কুমাৰীকাটা আৰক্ষীৰ এটি দল।

মৃতলোকজন কুমাৰীকাটাৰ লতিবাৰী গাঁওৰ ৪৪ বছৰীয়া মেৰমান মগৰ বুলি চিনাক্ত কৰা হৈছে। পৰিয়ালৰ লোকে চিনাক্ত কৰে মৃতদেহ।

লগতে পঢ়ক: বটদ্ৰৱাৰ হিংসাত্মক কাণ্ড: শালনাবাৰী গাঁৱৰ অভিযুক্তৰ ঘৰত জিলা প্ৰশাসনে চলালে উচ্ছেদ

বৃহস্পতিবাৰৰ পৰা নিখোজ হৈ আছিল লোকজন। লোকজন শাৰীৰিকভাৱে অসুস্থ  আছিল বুলি জানিব পৰা গৈছে।

ভৰা নৈখন পাৰ হবলৈ লওঁতে নৈয়ে উটুৱাই নিয়াৰ ফলত লোকজনৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে।

মৃতদেহ পৰি থকা স্থানত আহি উপস্থিত হৈছে স্থানীয় তথা পৰিয়ালৰ লোক।