NORTHEAST NOW (Assamese)
Popular Stories

IPL 2022: যশপ্ৰীত বুমৰাহে আইপিএলত গঢ়িলে এক অনন্য অভিলেখ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 22, 2022 11:47 am

চলিত আইপিএলৰ ৬৯ নম্বৰৰ খেলখনত শনিবাৰে নিশা মুখামুখি হৈছিল মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছ। মুম্বাইৰ ৱানখেডে ষ্টেডিয়ামত ৰোহিত শৰ্মাই টছত জিকি ঋষভ পন্তক বেটিং কৰিবলৈ পঠিয়ায়। প্ৰথমে বেটিং কৰি দিল্লীয়ে সাতটা উইকেট হেৰুৱাই ১৫৯ ৰাণ সংগ্ৰহ কৰে।

মুম্বাইৰ পেচাৰ যশপ্ৰীত বুমৰাহে সুন্দৰ বলিং প্ৰদৰ্শন কৰে। বুমৰাহে চাৰি অভাৰ বল কৰি ২৫ ৰাণৰ বিনিময়ত তিনিটা উইকেট দখল কৰে। তেওঁ দিল্লীৰ বিৰুদ্ধে আই পি এলত এক অনন্য অভিলেখ গঢ়ে।

শ্ৰীলংকাৰ কিংবদন্তী বলাৰ লাচিথ মালিংগাৰ পিছত বুমৰাহে আইপিএলৰ দ্বিতীয়গৰাকী বলাৰ হিচাপে একেৰাহে সাতটা ছিজনত ১৫ টাতকৈ অধিক উইকেট দখল কৰিছে। বুমৰাহে তেওঁৰ কেৰিয়াৰৰ ১০নম্বৰ আইপিএল সংস্কৰণ খেলিছে।

লগতে পঢ়ক: ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

বুমৰাহে ২০১৩ চনত মুম্বাইৰ জাৰ্চী পৰিধান কৰি আইপিএল কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ বিৰুদ্ধে তেওঁৰ প্ৰথমখন খেল খেলিছিল। বুমৰাহে তেওঁৰ অভিষেক খেলখনত বিৰাট কোহলীৰ উইকেটৰ সৈতে তেওঁৰ ব্যতিক্ৰমী একচন আৰু গতিৰে চৰ্চালৈ আহিছিল।

তেতিয়াৰ পৰা তেওঁ আৰু উভতি চাবলগীয়া হোৱা নাই। তাৰপিছতে বুমৰাহৰ বাবে আন্তৰ্জাতিক ক্ৰিকেটৰ দুৱাৰো মুকলি হৈ পৰে। আজি তেওঁ ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে দেশৰ জাৰ্চীত এক অবিচ্ছেদ্য অংশ।