NORTHEAST NOW (Assamese)
অসম

অসমত নৈমিত্তিক ঘটনাত পৰিণত পথ দুৰ্ঘটনা : ডিগবৈত ডাম্পাৰৰ খুন্দাত নিহত আৰক্ষী জোৱান

Posted by: লক্ষ্মণ শৰ্মা May 1, 2018 6:05 pm
road accident at digboi kills police constable

তিনিচুকীয়াৰ ডিগবৈ ( Digboi )ত কৰ্তব্যৰত অৱস্থাতে ডাম্পাৰে খুন্দিয়াই মাৰিলে দয়া ৰবি দাস নামৰ ৪৪ বছৰীয়া এজন আৰক্ষী কনিষ্টবলক। মৃত দাসে এৰি থৈ গৈছে পত্নী দীপাঞ্জলী দাস আৰু একমাত্ৰ পুত্ৰ জ্ঞানজ্যোতি দাস (১৬ বছৰীয়া)ক।

আৰক্ষী সূত্ৰই জনোৱা মতে ডিগবৈৰ তিংৰাইত নিজৰ কৰ্তব্য সম্পন্ন কৰি থানালৈ আহি থকা অৱস্থাত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বগাপানী অঞ্চলত বিপৰীত দিশৰ পৰা আহি AS 23 AC 7312 নম্বৰৰ ডাম্পাৰখনে দাসে চলাই থকা ASO6 C 4391 নং মটৰ চাইকেলখনত খুন্দা মৰাৰ ফলত তেওঁ মূৰত গুৰুতৰ আঘাত পায়।

ততাতৈয়াকৈ দাসক ডিগবৈ সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়া হয় আৰু চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে যদিও ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিহ’মে তেওঁ অনা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰা বুলি ঘোষণা কৰে।

ডিগবৈৰ কালীবাৰী এলেকাৰ গোপাল বিশ্বাসৰ ডাম্পাৰখনৰ চালক দিলীপ তাঁতীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

দাসৰ অকাল মৃত্যুত ডিগবৈ আৰক্ষীত শোকৰ ছাঁ পেলাইছে। ‘দাসৰ অকাল মৃত্যুৱে আমাৰ বিভাগৰ লগতে শুভাকাংক্ষীসকলৰ মাজত শূন্যতাৰ সৃষ্টি কৰিছে’ ডিগবৈ থানাৰ পৰিদৰ্শক মোহন চন্দ্ৰ বৰাই কয়।