NORTHEAST NOW (Assamese)
অসম

জাতীয় প্ৰকাশন অনুষ্ঠান অসম প্ৰকাশন পৰিষদৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন

Posted by: এন ই নাও নিউজ May 1, 2018 6:57 pm
AssamPublicationBoard

জাতীয় ভাষা-সাহিত্য-সংস্কৃতিৰ সেৱাত অবিৰতভাৱে ব্ৰতী অসম প্ৰকাশন পৰিষদৰ  প্ৰতিষ্ঠা দিৱস বুধবাৰে অৰ্থাৎ অহা ২ মে’ত বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে। এক বিজ্ঞপ্তিযোগে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিছে যে ১৯৫৮ চনৰ ২ মে’ত প্ৰতিষ্ঠা লাভ কৰা প্ৰকাশন পৰিষদে কাইলৈ সম্পূৰ্ণ ষাঠি বছৰ সম্পূৰ্ণ কৰিব। এই উপলক্ষে প্ৰকাশন পৰিষদৰ বামুণীমৈদামস্থিত কাৰ্যালয়ত বিয়লি ৪.৩০ বজাত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ তথা অসম  চৰকাৰৰ মাননীয় শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পৌৰোহিত্যত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভা অনুষ্ঠিত হ’ব। উক্ত মুকলি সভাত ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য মুখ্য অতিথি, ড০ দীনেশ চন্দ্ৰ গোস্বামী বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব।

উল্লেখ্য, উক্ত সভাতে সুমন্ত চলিহাৰ সম্পাদনাত প্ৰকাশ পাব লগা হেম বৰুৱা ৰচনাৱলীৰ দ্বিতীয় খণ্ড আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব। অনুষ্ঠানত সকলোৰে সহায়-সহযোগ তথা উপস্থিতি উদ্যোক্তাসকলে কামনা কৰিছে।