NORTHEAST NOW (Assamese)
অসম

অসমত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় প্ৰেচিডেন্সিয়েল বেইছবল টুৰ্নামেণ্ট

Posted by: কল্পজ্যোতি শইকীয়া March 17, 2018 11:05 pm
BaseBall

ভাৰতীয় এম্বেচিৰ বেইছবল ফেডাৰেইশ্যনৰ উদ্যোগত তথা অসম বেইছবল সন্থাৰ সহযোগত অহা ২২ এপ্ৰিলৰ পৰা ২৭ এপ্ৰিললৈকে অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় প্ৰেচিডেন্সিয়েল বেইছবল টুৰ্নামেণ্ট। এই সন্দৰ্ভত আলোচনা কৰিবলৈ আজি মহানগৰীৰ ন’ভ’টেল হোটেলত এখন বৈঠক অনুষ্ঠিত হয়।

বৈঠকখনত ভাগ লৈ নগাঁৱৰ বিধায়ক তথা অসম বেইছবল সন্থাৰ উপসভাপতি ৰূপক শৰ্মাই কয়, ‘বেইছবলে অসমত যিধৰণে প্ৰসাৰতা পাব লাগিছিল তেনেকৈ প্ৰসাৰতা লাভ কৰিব পৰা নাই। অসমৰ গ্ৰাম্যাঞ্চলৰ পৰা বেইছবল খেলুৱৈসকলক যাতে উলিয়াই আনিব পাৰো সেই উদ্দেশ্যে এই আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বেইছবল টুৰ্নামেণ্টখন আয়োজন কৰা হৈছে। বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰসাৰতাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। যিহেতু প্ৰথম বাৰৰ বাবে অসমত বেইছবল টুৰ্নামেণ্ট হ’বলৈ গৈ আছে গতিকে আশা কৰিছো যাতে খুব সুন্দৰকৈ এই টুৰ্নামেণ্টখন অনুষ্ঠিত কৰিব পাৰো।’

তদুপৰি তেওঁ ৬খন দেশে এই টুৰ্নামেণ্টত অংশগ্ৰহণ কৰিবলৈ সাজু হোৱা বুলি জানিবলৈ দিয়ে। লগতে পাকিস্তান, নেপাল ভূটানেও এই টুৰ্নামেণ্টত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি বিধায়কজনে মত প্ৰকাশ কৰে।

আনহাতে সেই আলোচনাত অংশগ্ৰহণ কৰা ৰাজ্যসভাৰ সাংসদ দিলীপ তিৰ্কীয়ে কয় ‘২০২০ চনত অনুষ্ঠিত হ’ব লগীয়া অলিম্পিকতো বেইছবল অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে উদ্যোক্তামণ্ডলীয়ে অসমৰ দৰে এখন ৰাজ্যত বেইছবলৰ প্ৰসাৰৰ বাবে যি ব্যৱস্থা হাতত লৈছে সেয়া প্ৰশংসনীয়। যেনেকৈ এক নিশাৰ ভিতৰত এজন লোক তাৰকা হৈ যাব পাৰে তেনেকৈ চেষ্টা কৰিলে নিশ্চয় অসমতো বেইছবলৰ প্ৰতি আকৰ্ষিত হৈ অংশ গ্ৰহণৰ বাবে আগুৱাই আহিব। এই ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ।‘’

তদুপৰি অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালকপবিত্ৰ খাউণ্ডে জানিবলৈ দিয়া অনুসৰি ৰাছিয়া, ইণ্ডোনেছিয়াকে ধৰি প্ৰায় ১০-১৫খন দেশে এই টুৰ্নামেণ্টত অংশগ্ৰহণ কৰিব। লগতে এই টুৰ্নামেণ্ট সৰুসজাই ষ্টেডিয়ামৰ লগতে ইন্দিৰা গান্ধী আন্তৰ্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ইয়াৰোপৰি এই টুৰ্নামেণ্টখনত তেওঁলোকে অসম চৰকাৰৰ ফালৰ পৰা যিমানখিনি পাৰে সহায়-সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। এই ক্ষেত্ৰত তেওঁ সংবাদ মাধ্যম সমূহকো প্ৰচাৰৰ দিশটোত গুৰুত্ব প্ৰদান কৰিবৰ বাবে আহ্বান জনায়।

এই আলোচনা চক্ৰত অসম বেইছবল সন্থাৰ সভাপতি তথা ৰাজ্যিক ৰেইল মন্ত্ৰী ৰাজেন গোহাঁই বিশেষ কাৰণৱশতঃ উপস্থিত থাকিব নোৱাৰিলে বুলি জানিবলৈ দিয়ে। লগতে উদ্যোক্তামণ্ডলীয়ে এই টুৰ্নামেণ্টৰ বাবদ খৰচ হ’ব লগীয়া ধনৰ পৰিমাণ প্ৰায় ৩ কোটি বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে বেইছবলৰ ক্ষেত্ৰখনত বৰ্তমান এছিয়াৰ ভিতৰত ভাৰতৰ স্থান পঞ্চম আৰু বিশ্বৰ ভিতৰত একাদশ বুলি জানিব পৰা গৈছে।