NORTHEAST NOW (Assamese)

অসমৰ বিদেশীৰ বাবে কৰ্মৰ অনুজ্ঞাপত্ৰ ব্যৱস্থা সন্দৰ্ভত কাম কৰি আছে কেন্দ্ৰই !

August 5, 2018 12:32 pm · ৰাজীব ৰয়
দক্ষিণ শালমাৰা জিলাত বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে অবৈধ প্ৰব্ৰজনকাৰী। ফটো : নৰ্থইষ্ট নাও

অসমত চলি থকা নাগৰিক পঞ্জীৰ প্ৰক্ৰিয়াত চিনাক্ত হোৱা অথচ বাংলাদেশলৈ বিতাড়ণ কৰাৰ বাবে সম্ভৱ নোহোৱা ‘অবৈধ বিদেশী’সকলক কৰ্মৰ অনুজ্ঞাপত্ৰ দিয়াৰ সন্দৰ্ভত দিল্লীয়ে কাম কৰি থকাৰ কথা জানিব পৰা গৈছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলৰ কথা বিশ্বাসযোগ্য বুলি ধৰি ল’লে, এই ‘ডি’ নাগৰিকসকল যাক ‘অবৈধ বিদেশী’ হিচাপে চিহ্নিত কৰা হ’ব তেওঁলোকক কেৱল ভাৰতত কৰ্মৰ অনুজ্ঞাপত্ৰ আৰু আশ্ৰয় প্ৰদান কৰা হ’ব।

‘’তেওঁলোকক ভোটদানৰ অধিকাৰকে ধৰি আন কোনো অধিকাৰ আগবঢ়োৱা ন’হব পাৰে,’’-নাম প্ৰকাশত অনিচ্ছুক এগৰাকী জ্যেষ্ঠ চৰকাৰী বিষয়াই এইদৰে কয়।

আৰম্ভণিতে, এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ বিষয়াগৰাকীয়ে এক মূখ্য ভূমিকা গ্ৰহণ কৰিছিল। বিষয়াগৰাকীয়ে লগতে কয় যে চূড়ান্ত এন আৰ চি প্ৰকাশ পোৱাৰ পিছত এনেকুৱা নাগৰিকৰ প্ৰকৃত সংখ্যাটো গম পোৱা যাব।

যোৱা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পিছত ৪০ লাখতকৈও অধিক লোকৰ নাম তালিকাৰ পৰা বাদ পৰা দেখা গৈছে।

বাতৰি অনুসৰি খচৰা ৰাজহুৱা হোৱাৰ পিছত বাংলাদেশত থকা ভাৰতৰ উচ্চায়ুক্ত হৰ্ষবৰ্দ্ধন শ্ৰিংলাই বাংলাদেশৰ বিদেশ মন্ত্ৰী এ এইচ মাহমুদ আলী তথা বাংলাদেশৰ শাসকীয় দলৰ নেতাসকলক সাক্ষাৎ কৰে আৰু এন আৰ চি প্ৰকাশৰ আঁৰৰ ‘’বিষয়বোৰ’’ অৱগত কৰে।

আনহাতে, বাতৰিত প্ৰকাশ পোৱা অনুসৰি গৃহমন্ত্ৰী ৰাজনাথ সিঙে ইতিমধ্যে বাংলাদেশৰ গৃহমন্ত্ৰী আছাদুজ্জামান খানক এন আৰ চিৰ ‘’ বিস্তৃত ব্যাখ্যা’’ তথা কেন্দ্ৰই গ্ৰহণ কৰা প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰিছে। যোৱা ১৩ জুলাইত ৰাজনাথ সিঙে ঢাকা ভ্ৰমণৰ সময়তে এই আলোচনাই স্থান লাভ কৰিছিল।

বাংলাদেশ চৰকাৰক এই কথা স্পষ্ট কৰি দিয়া হৈছে যে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলা এন আৰ চিৰ প্ৰক্ৰিয়াত কোনোৱে ‘’বিতাড়ন’’ৰ কথা কোৱা নাই।

বৈদেশিক পৰিক্ৰমা বিভাগৰ গৃহ ৰাজ্য মন্ত্ৰী ভি কে সিঙেও অলপতে বাংলাদেশৰ বিদেশ মন্ত্ৰী এ এইচ মাহমুদ আলীক ছিংগাপুৰত এছিয়ান মন্ত্ৰালয়সমূহৰ বৈঠকৰ মাজতে সাক্ষাৎ কৰিছিল।

জানিব পৰা মতে সিঙে আলীৰ সৈতে প্ৰস্তাৱিত সাক্ষাতৰ সময়ত লগতে এন আৰ চি প্ৰক্ৰিয়াৰ বিষয়ে তেওঁক অৱগত কৰাৰ কথা কৈছিল।

‘’আমাৰ চৰকাৰে এন আৰ চিৰ বাবে কেতিয়াও চুবুৰীয়া বাংলাদেশৰ সৈতে সম্পৰ্কত প্ৰভাৱ পৰাটো নিবিচাৰে,’’-বিষয়াগৰাকীয়ে কয়।

Related News