NORTHEAST NOW (Assamese)
অসম

অসমীয়া চিন্তিত নহ’ব কাৰণ আমি বিদেশীৰ পক্ষত নাই: সাংসদ কামাখ্যা প্ৰসাদ তাছা

Posted by: এন ই নাও নিউজ May 10, 2018 5:47 pm
bjp-mp-kamakhya-prasad-tasa_

অসমৰ সৰ্বত্ৰে এতিয়া বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বিৰোধিতা। বুধবাৰে দিচপুৰ সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰাই মুকলিকৈ এই বিধেয়কৰ বিৰোধিতা কৰাৰ পাছত আজি বিজেপিৰ আন এগৰাকী নেতা কামাখ্যা প্ৰসাদ তাছা ই বিধেয়কখনৰ বিৰোধীতা কৰি সংবাদ মাধ্যমৰ আগত নিজৰ মত দাঙি ধৰিছে।

যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ সাংসদ তাছাই সংবাদদাতাৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘অসমৰ জনসাধাৰণ চিন্তিত হ’ব নালাগে, অসমীয়াৰ আশা আকাংক্ষাৰ বিৰুদ্ধে নাযায় ৰাজ্য চৰকাৰ’।

সাংসদগৰাকীয়ে লগতে কয় যে অসমৰ ৰাইজে এতিয়া এই বিধেয়কখনকলৈ ইমান হৈ-চৈ কৰাৰ দৰকাৰ নাই।  আমি এই বিধেয়কখন সমৰ্থন কৰা বুলি কোনোবাই মোৰ পুত্তলিকা দাহ কৰিছে, কৰক এই লৈ মোৰ কোনো আপত্তি নাই। কিয়নো আমি বিদেশীৰ পক্ষত নাই।

উল্লেখ্য যে বিজেপি নেত্ৰী মীৰা বৰঠাকুৰ, বিধায়ক অতুল বৰাই এই বিধেয়কৰ বিৰোধিতা কৰাৰ সমান্তৰালকৈ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়েও এই বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে।

Bijoya-Chakravarty-570x320

আজি প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক জলসম্পদ মন্ত্ৰী চক্ৰৱৰ্তীয়ে এই বিধেয়কৰ বিৰোধিতা কৰি কয়, ‘অসমে ইতিমধ্যে ১৯৭১ চনৰ আগত অহা বিদেশীৰ বোজা বহন কৰি আছে কিন্তু এতিয়া অসমে আৰু অধিক বিদেশীৰ বোজা বহন কৰিব পৰা অৱস্থাত নাই’।

মনকৰিবলগীয়া যে অসমৰ বহু দল-সংগঠনে এই বিধেয়কখনৰ বিৰোধিতা কৰি থকা সময়তে নিমাত আছে অসম চৰকাৰ। কিন্তু এতিয়া শাসনাধিষ্ঠ বিজেপি দলৰ জ্যেষ্ঠ নেতা-নেত্ৰীয়ে এনেদৰে সংবাদ মাধ্যমৰ আগত মুকলিকৈ এই বিধেয়কৰ বিৰোধিতা কৰা কাৰ্যই স্বাভাৱিকতে বেছ তাৎপৰ্য বহন কৰিছে।