NORTHEAST NOW (Assamese)
অসম

অসমে আৰু অধিক বিদেশীৰ বোজা ল’ব পৰা অৱস্থাত নাই: পৱীন্দ্ৰ ডেকা

Posted by: শশাংক তালুকদাৰ February 14, 2018 1:42 pm
MLA Pabindra DEka File Photo

অসমে আৰু অধিক বিদেশীৰ বোজা ল’ব পৰা অৱস্থাত নাই। মঙলবাৰে অসম গণ পৰিষদৰ বিধায়ক পবিন্দ্ৰ ডেকাই এই গুৰুত্ব পূৰ্ণ মন্তব্য কৰে। অসম চুক্তিত স্পষ্ট ৰূপত উল্লেখ আছে যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশীকে অবৈধ প্ৰব্ৰজনকাৰী বুলি চিনাক্ত কৰা হ’ব।

বিধানসভা অধিৱেশনত অংশ লৈ ডেকাই কয় যে ঐতিহাসিক অসম চুক্তিখন বিধানসভা আৰু সংসদে অনুমোদন জনাইছিল।

‘ধৰ্ম আৰু ভাষাৰ জৰিয়তে সংস্থাপন বা ভাগ বতৰা নিবিচাৰো, আমি কেবল অসম চুক্তিৰ মতেহে বিদেশী বহিস্কাৰ বা বিতৰণ বিচাৰো। অসমে বৰ্তমান আৰু অধিক বিদেশীৰ বোজা ল’ব পৰা অৱস্থাত নাই’, বিধায়ক ডেকাই এইদৰে কয়।

‘এতিয়ালৈ অসম চুক্তি সম্পূৰ্ণকৈ বাস্তৱায়িত হোৱা নাই। প্ৰথম অন্তৰায় আছিল আইএম(ডিটি) এক্ট, যিটো পিছত উচ্চতম ন্যায়ালয়ে খাৰিজ কৰি দিয়ে। দ্বিতীয় অসুবিধাটো হ’ল অসম চুক্তিৰ ৰূপায়নৰ সমন্বয়ক অভিকৰণটো হ’ল কেন্দ্ৰীয় চৰকাৰৰ অধীনত।

কোন অসমীয়া আৰু কোন খিলঞ্জীয়া সেই লৈ যি প্ৰশ্ন উঠি আছে তাকেই লৈ বিধায়কগৰাকীয়ে দুখ প্ৰকাশ কৰিছে। .

ডেকাই লগতে কয় যে নাগৰিক সংশোধনী বিধেয়ক ২০১৬ খনক ৰাজ্যৰ সকলো প্ৰান্তৰ লোকে সম্পূৰ্ণ বিৰোধিতা কৰি আছে। ইয়াৰ উপৰি তেওঁ তাৎপৰ্যমূলক মন্তব্য দিয়ে যে স্বাধীনতাৰ পিছত অসমৰ আদিবাসী অঞ্চল সমূহত তেতিয়াৰ পূব পাকিস্তানৰ পৰা শৰনাৰ্থীসকলক সংস্থাপিত কৰিছিল। যাৰ ফলত অসমৰ জনসংখ্যাৰ ব্যাপক পৰিৱৰ্তন ঘটা পৰিলক্ষিত হয়।