NORTHEAST NOW (Assamese)
অসম

মিছা আৰক্ষীৰ জালত পৰিল ৩০ জুলাইৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড চাকলিম মুস্তাক

Posted by: ৰিদিপ শৰ্মা September 10, 2021 10:26 am
Kaliabor police arrested docait

প্ৰায় ৪০ টা দিনৰ অন্তত মিছা আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ বৰালিগাঁওত ৩৭  নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা ৩০ জুলাইৰ ডকাইতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড চাকলিম মুস্তাকক গ্ৰেপ্তাৰ কৰাৰ লগতে ডকাইতি কৰি লৈ যোৱা এছ ০৫ কে ৮৯৭৮ নম্বৰৰ বাইক খন জব্দ কৰিবলৈ সক্ষম হৈছে।

ৰূপহীহাট থানাৰ অন্তৰ্গত কাঠপাৰাত ঘৰ ধৃত ডকাইত চাকলিম মুস্তাকৰ।

আনহাতে  এই ৪০ দিনৰ ভিতৰতে এই ডকাইতিৰ ঘটনাৰ লগত জড়িত ৬ টাকৈ ডকাইতক  গ্ৰেপ্তাৰ কৰিছিল মিছা আৰক্ষীয়ে।

এই ৬ দুৰ্ধৰ্ষ ডকাইতৰ ভাষ্যৰ ভিত্তিত মিছা আৰক্ষীয়ে এক অভিযান চলাই বৃহস্পতি বাৰে নিশা আন এক দুৰ্ধৰ্ষ ডকাইত চাকলিম মুস্তাকক আটক কৰাৰ লগতে ডকাইতি কৰি নিয়া পালচাৰ বাইকখন আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে।

Also Read: কন্যা শিশুক অপহৰণ ড্ৰাগছ ব্যৱসায়ীৰ; অৰুণাচলৰ জংঘলৰ পৰা উদ্ধাৰ অসম আৰক্ষীৰ

উল্লেখযোগ্য যে যোৱা ৩০ জুলাই তাৰিখে কলিয়াবৰৰ বৰালিগাঁওৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ব্ৰইলাৰ কোম্পানীত কৰ্মৰত পল্লব বৰদলৈ নামৰ এজন যুৱকৰ পৰা এটা ৮ জনীয়া ডকাইতৰ দলে লুটি লৈ গৈছিল এখন পালচাৰ বাইকৰ লগতে মানিবেগ আৰু মোবাইল ফোন।

আৰু যোৱা নিশা ধৃত চাকলিম মুস্তাক  নামৰ ডকাইতটোক গ্ৰেপ্তাৰ কৰাৰ লগতে পালচাৰ  বাইক খন উদ্ধাৰ কৰিবলৈ সক্ষম হল ।কলিয়াবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ বৰুৱাৰ সহযোগত মিছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিকান্ত সজাতিয়ে এই অভিযান চলাইছিল ।

লগতে আন ৬ দুৰ্ধৰ্ষ ডকাইতৰ পৰা মোবাইল ফোনটোও উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।