NORTHEAST NOW (Assamese)
অসম

কিশোৰীক যৌন নিৰ্যাতন : গ্ৰেপ্তাৰ অসম আৰক্ষীৰ বিষয়া 

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 17, 2024 9:15 pm

দেৰগাঁৱত অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ বিৰুদ্ধে নাবালিকা ঘৰুৱা সহায়কক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষী সূত্ৰই জনোৱা মতে, দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ত ডি এছ পি হিচাপে নিযুক্ত আৰক্ষী বিষয়া কিৰণ নাথে নিজৰ বাসগৃহত ঘৰুৱা সহায়কৰ কাম কৰি থকা ১৫ বছৰীয়া এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

ভুক্তভোগীৰ পৰিয়ালৰ লোকে অভিযোগ কৰে যে কিৰণ নাথে কিশোৰীগৰাকীক দীৰ্ঘদিনে শাৰীৰিক নিৰ্যাতন চলাই আহিছে।

আৰক্ষী বিষয়াগৰাকীৰ বাসগৃহৰ পৰা পলায়ন কৰি ভুক্তভোগীগৰাকী ঘৰলৈ উভতি অহাৰ পিছতে এই ঘটনা পোহৰলৈ আহে। 

শনিবাৰে কিশোৰীগৰাকীৰ পৰিয়ালে ডি এছ পি নাথৰ বিৰুদ্ধে দেৰগাঁও থানাত গোচৰ ৰুজু কৰিবলৈ বিচাৰিছিল।
প্ৰতিবেদন অনুসৰি নাথৰ পত্নীয়ে অভিযোগ দাখিল কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল, যাৰ ফলত থানাত সাময়িকভাৱে ব্যাঘাত জন্মিছিল। 

জানিব পৰা মতে ইতিমধ্যে থানাত এজাহাৰ পঞ্জীয়ন কৰা হৈছে। অভিযুক্তৰ বিৰুদ্ধে ন্যায় আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়ালটোৱে।