NORTHEAST NOW (Assamese)
অসম

সীমান্ত অঞ্চলসমূহত ৭ দিনৰ বাবে সম্পুৰ্ণ ল’কডাউন ঘোষণা ত্ৰিপুৰা চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 14, 2020 7:20 pm
সীমান্ত অঞ্চলসমূহত ৭ দিনৰ বাবে সম্পুৰ্ণ ল’কডাউন ঘোষণা ত্ৰিপুৰা চৰকাৰৰ

ত্ৰিপুৰা চৰকাৰে সীমান্ত অঞ্চল সমূহত সম্পুৰ্ণ ল’কডাউন ঘোষণা কৰিছে। আজি সন্ধিয়া ত্ৰিপুৰা চৰকাৰে এই ঘোষণা কৰে।

এই ল’কডাউন ভাৰত-বাংলাদেশ সীমান্তৰ গাঁও অঞ্চল সমূহত সীমান্তৰ পৰা এক কিলোমিটাৰ দূৰত্বলৈ আৰু পৌৰ নিগম সমূহত ৫০০ মিটাৰ দূৰত্বলৈ লাঘু কৰা হ’ব।

১৭ জুলাইৰ পৰা সাত দিনৰ বাবে ৰাতিপুৱা ৭ বজাৰ পৰা এই ল’কডাউন কাৰ্য্যকৰী কৰা হ’ব।

ত্ৰিপুৰাৰ মুখ্য সচিৱ মনোজ কুমাৰে ল’কডাউন সন্দৰ্ভত এখন নিৰ্দেশনা জাৰি কৰি ল’কডাউনৰ সময়ত সকলো ধৰণৰ যাতায়ত আৰু চলাচল অতি প্ৰয়োজন অবিহনে নিসিদ্ধ কৰা হৈছে বুলি ঘোষণা কৰে।

ল’কডাউনৰ সময়চ চৰকাৰী কাৰ্য্যালয়, বিদ্যালয়, মহাবিদ্যালয়ৰ লগতে সকলো ধৰণৰ ব্যক্তিগত প্ৰতিষ্ঠান আৰু বজাৰ, দোকান-পোহাৰ বন্ধ থাকিব।

উল্লেখযোগ্য যে, বাংলাদেশৰ সৈতে ত্ৰিপুৰাৰ ৮৫৬ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে।

বিগত সময়ছোৱাত এই সীমান্ত অঞ্চলত বহু কেইগৰাকী কোভিড প’জিটিভ ৰোগী পোৱা গৈছে যাৰ কোনোধৰণৰ ভ্ৰমণ ইতিহাস নায়।