NORTHEAST NOW (Assamese)
দেশ

ৰমজানৰ নামাজৰ সময়ত গুজৰাট বিশ্ববিদ্যালয়ত বিদেশী ছাত্ৰ-ছাত্ৰীক আক্ৰমণ, আহত ২ জন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী March 17, 2024 7:40 pm

গুজৰাট বিশ্ববিদ্যালয়ত শনিবাৰে সন্ধিয়া ৰমজানৰ নামাজ পঢ়ি থকা অৱস্থাত অচিনাক্ত লোকৰ আক্ৰমণত আহত হয় দুই বিদেশী ছাত্ৰ। আক্রমণকাৰীয়ে হোষ্টেলৰ কোঠা ভাঙি শ্ল’গান দিয়াৰ লগতে বিদেশী ছাত্ৰ-সকলক লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। 

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত এই কথা নিশ্চিত কৰি কয় যে ৰাজ্য চৰকাৰে “দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা” গ্ৰহণ কৰিছে।

“আহমেদাবাদৰ গুজৰাট বিশ্ববিদ্যালয়ত কালি হিংসাত্মক ঘটনা সংঘটিত হয়। ৰাজ্য চৰকাৰে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সংঘৰ্ষত দুজন বিদেশী ছাত্ৰ আহত হয়। ইয়াৰে এজনে চিকিৎসালয়ত চিকিৎসা সেৱা গ্ৰহণ কৰি আছে আৰু আনজনক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে।” দেওবাৰে এইদৰে কয় এম ই এৰ মুখপাত্ৰ ৰন্ধিৰ জয়ছৱালে।

কেম্পাছৰ ভিতৰৰ হোষ্টেলত বাস কৰা বিদেশী ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰিছে যে আন এটা হোষ্টেল ব্লকৰ পৰা একাংশ ছাত্ৰ-ছাত্ৰী আহি হোষ্টেল চৌহদৰ কোনো ঠাইতে ৰমজানৰ নামাজ পঢ়িব নোৱাৰিব বুলি কয়। অভিযোগ অনুসৰি প্ৰথমে তিনিজন ছাত্ৰই তেওঁলোকৰ নামাজত বাধা দিবলৈ আহিছিল, তাৰ পিছত হঠাতে আন ১৫ জন ছাত্ৰ আহিছিল আৰু অলপ পিছতে এই সংখ্যা প্ৰায় ২০০ লৈ বৃদ্ধি পাইছিল।

জানিব পৰা মতে, আহত ছাত্ৰ দুজনৰ — এজন শ্ৰীলংকাৰ আৰু আন এজন তাজিকিস্তানৰ। বৰ্তমান আহত ছাত্ৰ দুজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য নীৰজা অৰুণ গুপ্তাই শনিবাৰে নিশা এফআইআৰ দাখিল কৰাৰ লগতে বিদেশী ছাত্র-ছাত্রীসকলক নিৰাপত্তা প্রদান কৰা হ’ব বুলি আশ্বাস দিয়ে৷

আহমেদাবাদ আৰক্ষীয়ে জনোৱা মতে, ২৫ জন অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ঘটনাৰ তদন্তৰ বাবে ৯টা দল তদন্তকাৰী দল গঠন কৰা হৈছে।

আহমেদাবাদ আৰক্ষী আয়ুক্ত জি এছ মালিকে কয় যে আক্ৰমণকাৰীৰ এজনক চিনাক্ত কৰা হৈছে, আৰু বাকীসকলক চিনাক্ত কৰাৰ প্ৰচেষ্টা চলি আছে।