NORTHEAST NOW (Assamese)
অসম

ৰাজীৱ গান্ধীৰ নামত থকা বিজ্ঞান কেন্দ্ৰৰ নাম ৰখা হ’ল আৰএছএছ নেতাৰ নামেৰে, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2020 8:59 am
aaa BeFunky-collage-84-scaled

দেশত পুনৰ নাম সলনিৰ ৰাজনীতিয়ে গা কৰি উঠিছে।

কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে ক্ষমতাৰ বাঘজৰী হাতত লোৱাৰ পিছতে কংগ্ৰেছৰ নেতাৰ নামত থকা বহু আঁচনি তথা প্ৰকল্পৰ নাম সলনি কৰিছিল।

শেহতীয়াকৈ পুনৰ বিজেপি চৰকাৰে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ নামত থকা এটা বিজ্ঞান প্ৰতিষ্ঠানৰ নাম সলনি কৰি আৰএছএছৰ এগৰাকী নেতাৰ নামৰে ৰখাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

তিৰুৱনন্তপুৰমত থকা ৰাজীৱ গান্ধী বায়’টেকন’ল’জি কেন্দ্ৰৰ নাম সলনি কৰি আৰএছএছৰ প্ৰাক্তন নেতা তথা উগ্ৰ হিন্দুত্ববাদী মতাদৰ্শৰ সমৰ্থক এম এছ গোলৱালকাৰৰ নামেৰে ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।

কেন্দ্ৰীয় বিজ্ঞান তথা প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী হৰ্ষবৰ্ধনে এই কথা প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজীৱ গান্ধী বায়’টেকন’ল’জি কেন্দ্ৰৰ নাম গোলৱালকাৰৰ নামেৰে ৰখাৰ প্ৰস্তাৱত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে।

সেই মৰ্মে এতিয়াৰে পৰা উক্ত প্ৰতিষ্ঠানৰ নাম ‘শ্ৰী গুৰুজী মহাদেৱ সদাশিৱগোলৱালকাৰ নেছনেল চেণ্টাৰ ফ’ৰ কমপ্লেক্স ডিজিজ ইন কেঞ্চাৰ এণ্ড ভাইৰেল ইনফেকছন’ ৰখা হ’ব।

বাও দল শাসিত ৰাজ্য কেৰালাত কেন্দ্ৰীয় চৰকাৰে এজন উগ্ৰ হিন্দুত্ববাদী নেতাৰ নামেৰে বিজ্ঞান প্ৰতিষ্ঠানৰ নাম ৰখাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

টুইটাৰত কংগ্ৰেছ নেতা শশী থাৰুৰে এইবুলি প্ৰশ্ন কৰিছে যে বিজ্ঞানৰ উন্নয়নৰ ক্ষেত্ৰত গোলৱালকাৰৰ  অৱদান কি?

কেৰালা বিধানসভাৰ বিৰোধী নেতা ৰমেশ চেনিথাল্লায়ো কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক উদ্দেশ্যপ্ৰণোদিত আখ্যা দিছে।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি কৈছে যে যদি নাম সলনি কৰিবলগীয়াই হয় তেন্তে কোনো প্ৰখ্যাত বিজ্ঞানীৰ নামেৰে প্ৰতিষ্ঠানটোৰ নাম ৰাখিলে কবলগীয়া একো নাছিল।