NORTHEAST NOW (Assamese)
অৰুণাচল

সংঘাত চলি থকাৰ মাজতে এইবাৰ অৰুণাচল সীমান্তত ৩খন গাওঁ নিৰ্মাণ কৰিছে চীনে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2020 8:49 am
WhatsApp Image 2020-12-07 at 8.08.45 AM

লাডাখ সীমান্তত চলি থকা উত্তেজনাৰ মাজতে অৰুণাচল প্ৰদেশৰ সৈতে লাগি থকা ভাৰত-ভূটান সীমান্তত চীনে একাধিক গাওঁ গঢ়ি তুলিছে।

এনডিটিভিৰ বাতৰি অনুসৰি, এতিয়াও সেই অঞ্চলত কোনো লোক বসবাস কৰা নাই। উপগ্ৰহ চিত্ৰই এই কথা স্পষ্ট কৰিছে।

চোৰাংচোৱা বিশেষজ্ঞই শ্বেয়াৰ কৰা ছবি অনুসৰি ভাৰত, ভূটান আৰু চীনৰ সীমান্তত অৱস্থিত বুম লা’ত পাঁচখন নতুন গাওঁ গঢ়ি উঠিছে। যিটো গিৰিপথ অৰুণাচল প্ৰদেশ তথা তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ কোনো এলেকাৰ মাজত অৱস্থিত।

আমেৰিকাৰ বেচৰকাৰী সংস্থা ‘প্লেনেট লেব’ৰ উপগ্ৰহ চিত্ৰত দেখা গৈছে যে বুম লা’ৰ পাঁচ কিলোমিটাৰৰ ভিতৰত কমেও তিনিখন গাওঁ গঢ়ি উঠিছে। প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ সিপাৰে চীনে এই গাওঁসমূহ গঢ়ি তুলিছে।

‘প্লেনেট লেব’ৰ উপগ্ৰহ চিত্ৰত যোৱা ১৭ ফেব্ৰুৱাৰিত মাত্ৰ এখন গাওঁৰ ছবি ধৰা পৰিছিল। কিন্তু ২৮ নৱেম্বৰৰ ছবিত তিনিখন গাওঁৰ ছবি ধৰা পৰে। তদুপৰি, আন ৫০টা মান আন্ত:গাঁথনিও দেখা গৈছে। প্ৰতিখন গাওঁৰ দূৰত্ব এক কিলোমিটাৰ মান হ’ব আৰু সেইবোৰ নতুন স্থলপথৰ সৈতে সংযুক্ত।

আনহাতে, যোৱা মাহত উপগ্ৰহত যি চিত্ৰ ধৰা পৰিছিল তাত ডোকলামৰ পৰা ভূটানৰ ভূখণ্ডৰ দুই কিলোমিটাৰৰ ভিতৰত চীনে প্যাংগদা নামৰ এখন গাওঁ নিৰ্মাণ কৰিছে। ২০১৭ত ভাৰত আৰু চীনৰ সংঘাত সংঘটিত হোৱা স্থানৰ পৰা ১০ কিলোমিটাৰ আঁতৰত এই প্যাংগদা অৱস্থিত।

যোৱা আগষ্ট মাহত চীনৰ চৰকাৰী সংবাদমাধ্যমে দাবী কৰিছিল যে অৰুণাচল প্ৰদেশৰ সৈতে লাগি থকা সীমান্তৰ গাওঁসমূহৰ আন্ত:গাঁথনি উন্নত কৰি তোলা হৈছে।

চীনে দীৰ্ঘদিন ধৰি অৰুণাচল সীমান্তত সংঘাত সৃষ্টিৰ পৰিৱেশ ৰচনা কৰি আহিছে। শেহতীয়াকৈ ভাৰতেও চীনৰ কাৰচাজিৰ উমান পাই সীমান্তত সামৰিক শক্তি বৃদ্ধি কৰিছে। ইয়াৰ মাজতে অৰুণাচল সীমান্তত চীনে গাওঁ গঢ়ি তোলাৰ বাতৰিয়ে নতুনকৈ উত্তেজনা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।