NORTHEAST NOW (Assamese)
অসম

অসমৰ আৰক্ষী অধীক্ষক পৰ্য্যায়ত সাল-সলনি

Posted by: এন ই নাও নিউজ June 27, 2018 5:39 pm
অসমৰ আৰক্ষী অধীক্ষক পৰ্য্যায়ত সাল-সলনি

অসম আৰক্ষীৰ আৰক্ষী অধীক্ষক পৰ্য্যায়ত আজি ২৭ জুনত কিছু সাল-সলনি কৰা গৈছে।

হামৰেনৰ আৰক্ষী অধীক্ষক ইনাম-উল-হক-মেগনুক উত্তৰ গুৱাহাটীৰ মান্দাকাটাস্থিত চি দি অ’ বেটেলিয়নৰ কমাণ্ডেণ্টৰূপে বদলি কৰা হৈছে। জাগীৰোদস্থিত ২য় এ’ এফ পি এফ বেটেলিয়নৰ কমাণ্ডাটে মৃণাল তালুকদাৰক হামৰেনৰ আৰক্ষী অধীক্ষকৰূপে নিযুক্তি দিয়া হৈছে।

আনহাতে জাগীৰোদস্থিত ২য় এ’ এফ পি এফ বেটেলিয়নৰ কমাণ্ডেণ্টৰূপে বদলি কৰা হৈছে বঙাইগাওঁস্থিত এফ আৰ আৰ অ’ (মুখ্য কাৰ্য্যালয়)ৰ আৰক্ষী অধীক্ষক উৎপল বয়ানক।

কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক ৰত্না সিংহক বিশেষ শাখাৰ (জ’নেল) আৰক্ষী অধীক্ষকৰূপে আই এইচ বৰাৰ স্থানত নিযুক্তি দিয়া হৈছে।

যোৰহাটস্থিত এফ আৰ আৰ অ’ (মুখ্য কাৰ্য্যালয়)ৰ আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মনক গোৱালপাৰাস্থিত ১ম এ’ পি তি এফ বেটেলিয়নৰ কমাণ্ডেণ্টৰূপে বদলি কৰা হৈছে।

গৃ্হ বিভাগ (এ’)ৰ সচিব ডঃ দীপক মজুমদাৰে চৰকাৰৰ হৈ এই সালসলনিৰ জাননি জাৰি কৰিছে।