NORTHEAST NOW (Assamese)

অসমৰ দৰে ৰাজ্যৰ স্বাৰ্থ সুৰক্ষিত কৰিব কেৱল অগপ দলেহে : প্ৰফুল্ল কুমাৰ মহন্ত

July 16, 2018 11:01 am · এন ই নাও নিউজ
প্রাক্তন মুখ্য মন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ ফাইল ফটো

ৰাজ্যিক নিৰ্বাচন আয়োগে ১৫ ছেপ্তেম্বৰৰ ভিতৰত অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব বুলি কৰা ঘোষণাৰ পাছতেই ৰাজ্যৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ ব্যস্ততা হৈ পৰিছে। পিছ পৰি ৰোৱা নাই বিজেপি মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰী দল অসম গণ পৰিষদো।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলেই প্ৰতিদ্বণ্ডিতা আগবঢ়াব বুলি এখন সভাত অগপৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই পুনৰ এবাৰ স্পষ্ট ৰূপত প্ৰকাশ কৰি দিয়ে।

নগাঁও জিলা অগপ কাৰ্যালয়ত দেওবাৰে অগপ ৰহা সমষ্টি কমিটীৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। আৰু সেই সভাতে অংশগ্ৰহণ কৰা মহন্তই আগন্তুক পঞ্চায়ত নিৰ্বাচন অকলেই খেলিব বুলি স্পষ্ট ৰূপত উল্লেখ কৰি সকলোকে দলৰ ভেটি শক্তিশালী কৰিবলৈ আহ্বান জনায়।

প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ দৰে এখন ৰাজ্যৰ সমস্যা সমাধান তথা স্বাৰ্থ সুৰক্ষিত কেৱল আঞ্চলিক দলেহে কৰিব পাৰিব। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম গণ পৰিষদ দলে সংগ্ৰাম অব্যাহত ৰাখিব বুলিও মন্তব্য কৰে মহন্তই।

উল্লেখ্য যে কালি অনুষ্ঠিত হৈ যোৱা এই সভাত প্ৰাক্তন মুখ্য মন্ত্ৰীৰ লগতে উপস্থিত থকা লোকসকলে ৰহাত এইমছৰ সলনি টোলগেট স্থাপন কৰা বিষয়টোত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰা দেখা যায়। সভাত উপস্থিত থকা একাংশই কয় যে বিজেপিৰ চৰকাৰখনে জনসাধাৰণৰ বিপৰীতে গৈ লোৱা সিদ্ধান্তৰ উচিত প্ৰত্যুত্তৰ পাব অহা নিৰ্বাচনত।

এই সভাত প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, উমেশ দাস, নগাঁও জিলা অগপৰ সভাপতি, সাধাৰণ সম্পাদক, যুৱ পৰিষদৰ নেতৃবৃন্দৰ লগতে ৰহা সমষ্টিৰ সকলো আঞ্চলিকৰে সভাপতি-সম্পাদকসকলে অংশগ্ৰহণ কৰে।

Related News