NORTHEAST NOW (Assamese)
অসম

অসমৰ নতুন মুখ্য সচিবৰূপে হোলীৰ বন্ধতে আজি দায়িত্ব ল’লে টি ৱাই দাসে

Posted by: এন ই নাও নিউজ March 1, 2018 4:17 pm
TY Das taking charges as Chief Secretary

অসমৰ নতুন মুখ্য সচিবৰূপে আজি দায়িত্ব গ্ৰহণ কৰিছে চেৰিং য়ামছাম দাসে।

বুধবাৰে আগৰজন মুখ্য সচিব ভি কে পিপাৰচেনিয়াৰ কাৰ্যকাল অন্ত পৰাৰ লগে লগে আজি হোলীৰ চৰকাৰী বন্ধৰ দিনাই দাসে ৰাজ্যখনৰ প্ৰশাসনীয় মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে।

ভাৰতীয় প্ৰশাসনীয় সেৱাৰ ১৯৮২ বৰ্ষৰ বিষয়া দাসে ইয়াৰ পূৰ্বে অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

২০১২ চনৰ নৱেম্বৰত দাসক কেন্দ্ৰীয় তথ্য আয়োগৰ (চিআইচি) হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁক তেতিয়া অতিৰিক্ত সচিবৰ মৰ্যাদা আৰু দৰমহাৰ পদ মৰ্যাদাৰে নিযুক্ত দিয়া হৈছিল।

ভি কে পিপাৰনেচিয়াই ২০১৫ চনৰ ৩১ মে’ত অসমৰ মুখ্য সচিব হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ১৯৮০ বৰ্ষৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া ভি কে পিপাৰনেচিয়াৰ মুখ্য সচিব হিচাপে ২০১৭ চনৰ ছেপ্টেম্বৰত কাৰ্যকাল অন্ত পৰাৰ পিছত অসম চৰকাৰে ছয়মাহৰ বাবে কাৰ্যকাল বৃদ্ধি কৰিছিল। তেওঁৰ বৰ্দ্ধিত কাৰ্যকাল কালি অন্ত পৰিছিল।