NORTHEAST NOW (Assamese)
অসম

৩০ মাৰ্চত অসমৰ লগতে কলকাতাৰ চিত্ৰগৃহতো মুক্তি পাব ‘আলিফা’

Posted by: আচিফ ইব্ৰাহিম March 1, 2018 4:39 pm
ALIFA-final-1-poster-570x320

অসমৰ চলচ্চিত্ৰ প্ৰেমীৰ বাবে সুখবৰ। এই মাহতে চিত্ৰগৃহলৈ আহিবলৈ সাজু হৈছে আন এখন ছবি।

প্ৰথমবাৰৰ বাবে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰা দীপ চৌধুৰীৰ ‘আলিফা’ অহা ৩০ মাৰ্চত ৰূপালী পৰ্দাত মুক্তিৰ বাবে সাজু হৈ উঠিছে।

উল্লেখযোগ্য যে একেদিনাখনেই অসম আৰু পশ্চিমবংগত একেলগে মুক্তি পাবলগীয়া ‘আলিফা’ হৈছে প্ৰথমখন ছবি।

ছবিখনে অসম আৰু পশ্চিমবংগৰ চলচ্চিত্ৰ মহলত ইতিমধ্যে চৰ্চা লাভ কৰিছে।

ছবিখনৰ চিত্ৰনাট্যও ৰচনা কৰা দীপ চৌধুৰীয়ে যোৱা বছৰ ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠা নৱাগত পৰিচালকৰ স্বৰ্ণকমল লাভ কৰিছিল।

নৰ্থ ইষ্ট নাওৰ সৈতে আছুতীয়া বাৰ্তালাপত দীপ চৌধুৰীয়ে দৃঢ়তাৰে ব্যক্ত কৰে যে ছবিখনৰ বাণিজ্যিক মুক্তিৰ পিছত চলচ্চিত্ৰ প্ৰেমী সকলে ছবিখন আকোঁৱালি ল’ব।

‘’মই নিশ্চিত চলচ্চিত্ৰ প্ৰেমীয়ে ছবিখন উপভোগ কৰিব আৰু ভাল পাব। তেওঁলোকে অসন্তুষ্ট হৈ ঘৰলৈ উভিতব লগা নহয়,’’- আপাতত: উৎসাহ আৰু প্ৰত্যয়েৰে দীপ চৌধুৰীয়ে ব্যক্ত কৰে।

‘আলিফা’ত মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাতৰ সৈতে প্ৰেম, ঘৃণা, স্বপ্ন আৰু আকাঙ্খা আৰু সেইদৰে মানৱ প্ৰকৃতিৰ দুৰ্বলতা আৰু উদাৰ সামাজিক বান্ধোনৰ প্ৰতিফলন ঘটিছে।

Deep-Choudhury-300x240

উল্লেখ্য যে ছবিখন যোৱা বছৰ কলকাতা আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘ইনোভেশ্বন ইন ম’ভিং ইমেজেছ’ শাখাত প্ৰতিযোগিতাৰ বাবে ভাৰতৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ ছবি আছিল।

‘আলিফা’ই কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উচ্চ প্ৰশংসিত হৈছে।

ছবিখনে কানাডাত অনুষ্ঠিত অটোৱা ভাৰতীয় আন্তনৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰিছিল। এয়া এক ডাঙৰ সাফল্য বুলি ক’ব পাৰি কিয়নো ইয়াত ‘লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা’ৰ দৰে ছবিয়েও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

ছবিখন আৰমান প্ৰডাকশ্যনৰ অধীনত আৰমান আহমেদে প্ৰযোজনা কৰিছে।

ছবিখনত অভিনয় কৰা শিল্পীসকলৰ মাজত কেইগৰাকীমান অতি পৰিচিত মুখ হ’ল বাহাৰুল ইছলাম, জয়া শীল ঘোষ. প্ৰসূন জৈন, সত্য ৰঞ্জন চাহু আৰু ভিক্টৰ বেনাৰ্জীয়ে কেইটিমান গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

মুখ্য চৰিত্ৰটিত অভিনয় কৰিছে অত্যন্ত প্ৰতিভাৱান শিল্পী পাকিজা হাছমীয়ে।

ছবিখনৰ আবহ সংগীত বিক্ৰম ঘোষৰ আৰু ছবিখন সম্পাদনা কৰিছে কলকাতাৰ ৰবিৰঞ্জন মিত্ৰই। মিত্ৰই আগতে ‘মি: এণ্ড মিচেছ আয়াৰ’, ‘একলৱ্য’ৰ দৰে ছবি সম্পাদনা কৰিছিল।