NORTHEAST NOW (Assamese)
Popular Stories

Zomato ৰ প্লেটলৈ আহিল উবেৰ ইটছ; ৩৫ কোটি ডলাৰত কিনিলে ভাৰতীয় ব্যৱসায়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 21, 2020 4:46 pm
zomato

অনলাইন খাদ্য যোগান ধৰা ৱেবছাইট Zomato এ উবেৰ ইটছ ইণ্ডিয়াৰ ৫৫ শতাংশ চেয়াৰ নিজৰ নামত কৰি লৈছে। মঙলবাৰে Zomato এ ভাৰতত ব্যৱসায় কৰি থকা উবেৰ ইটছ ৩৫ কোটি ডলাৰ অৰ্থাৎ ২৪৮৫ কোটি টকাত কিনিছে।

৫৫ শতাংশ চেয়াৰ বিক্ৰীৰ পাছত উবেৰ ইটছৰ হাতত এতিয়া থাকিল মাত্ৰ ৯.৯ শতাংশ চেয়াৰ।

উল্লেখ্য যে কেব সেৱা আগবঢ়াই অহা উবেৰৰ খাদ্য যোগান ধৰা শাখাটোৱে ভাৰতত ব্যৱয়াসিক দিশত বিশেষ ফলপ্ৰসূ হ’ব নোৱাৰাত এই সিদ্ধান্ত গ্ৰহণ কৰে।

উবেৰৰ নিজা মাৰ্কেট পলিচি অনুসৰি, যদি তেওঁলোকে বজাৰত এক নম্বৰ বা দুই নম্বৰ স্থানত থাকিব নোৱাৰে তেন্তে তেওঁলোকে বজাৰ এৰি দিয়ে। এই নীতিৰ অধীনতে উবেৰে চেয়াৰ বিক্ৰী কৰা বুলি বিভিন্ন মাধ্যমত চৰ্চিত হৈছে।

ইফালে কোম্পেনিৰ এটা সূত্ৰই জনোৱা মতে, ভাৰতৰ উবেৰ ইটছৰ ক্ষেত্ৰতহে এই সিদ্ধান্ত লোৱা হৈছে। বিশ্বৰ অন্য প্ৰান্তত উবেৰ ইটছ সেৱা চলি আছে বা চলি থাকিব বুলিও কোম্পেনিটোৱে স্পষ্ট কৰি দিয়ে।

এতিয়াৰে পৰা উবেৰ ইটছৰ ব্যৱহাৰকাৰীসকলক Zomato এপৰ সৈতে ৰিডাইৰেক্ট কৰা হ’ব।

ইকনমকিছ টাইমছৰ মতে ভাৰতৰ উবেৰ ইটছৰ টিমক Zomato এ নাৰাখে। যদি এইটো সত্য হয় তেন্তে য়ুবেৰ ইটছৰ প্ৰায় এশ এক্সিকিউটিভক য়ুবেৰে অন্য স্থানত সংস্থাপিত কৰিব লাগিব বা চাকৰি হেৰুৱাব বুলি ধাৰণা কৰা হৈছে।

অৱশ্যে Zomato আৰু উবেৰে এই সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত আছে।