NORTHEAST NOW (Assamese)
অসম

হালোৱাটিঙত অবৈধ মদৰ ঘাটি উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষী-আবকাৰী বিভাগৰ দলক আক্ৰমণ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 16, 2020 2:05 pm
হালোৱাটিঙত অবৈধ মদৰ ঘাটি উচ্ছেদ কৰিবলৈ যোৱা আৰক্ষী-আবকাৰী বিভাগৰ দলক আক্ৰমণ

কাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ সুৰাৰ ঘাটি উচ্ছেদক লৈ শিৱসাগৰ জিলাৰ আমগুৰি হালোৱাটিঙত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

একাংশ লোকে হাতে হাতে দা লাঠিৰে উচ্ছেদ চলাব যোৱা আৰক্ষী আৰু আবকাৰী বিভাগৰ দলৰ ওপৰত আক্ৰমণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইয়াৰ উপৰি বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ ওপৰতো আক্ৰমণৰ চেষ্টা চলাই উন্মাদ লোকে। আমগুৰিৰ সাংবাদিক সমীৰণ দুৱৰাৰ ওপৰত আক্ৰমণৰ চেষ্টা চলায়।

হালোৱাটিঙৰ কপাহতলি মিচিং গাঁৱত সংঘটিত হৈছে এই ঘটনা।

আজি পুৱাই আৰক্ষী আৰু আবকাৰী বিভাগৰ দল এটাই গাঁওখনত অবৈধ সুৰাৰ ঘাটিত অভিযান চলাবলৈ গৈছিল। হাতে-হাতে দা জাঠি লৈ অভিযানকাৰী দল আৰু সাংবাদিকক এইদৰে আক্ৰমণৰ চেষ্টা কৰে একাংশ লোকে।

অভিযানত উদ্ধাৰ হয় বৃহৎ সংখ্যক অবৈধ সুৰা।