NORTHEAST NOW (Assamese)
অসম

অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ দাবী বিবেচনাৰ আশ্বাস মুখ্য মন্ত্ৰী সোণোৱালৰ

Posted by: এন ই নাও নিউজ July 16, 2018 8:28 pm
cm with acs officers

অসম অসামৰিক সেৱাৰ বিষয়াসকলৰ বিভিন্ন দাবী সহানুভূতিৰে বিবেচনাৰ আশ্বাস দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

দিচপুৰৰ জনতা ভৱনত মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰা অসম অসামৰিক সেৱা বিষয়া সন্থাৰ প্ৰতিনিধি দল এটাক আজি ১৬ জুলাইত মুখ্য মন্ত্ৰী সোণোৱালে এই আশ্বাস প্ৰদান কৰে।

সন্থাটোৰ সভাপতি হেমেন দাসৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ সৈতে সোণোৱালৰ আলোচনাত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, আইন উপদেষ্টা শান্তনু ভৰালী আৰু মুখ্য মন্ত্ৰীৰ প্ৰধান সচিব সঞ্জয় লোহিয়াও উপস্থিত আছিল।