চাবুৱাৰ ৰাজধানী এক্সপ্ৰেছৰ দুৰ্ঘটনা : ৰে’ল গে’টত গে’টমেনৰ পৰিৱৰ্তে দায়িত্বত আছিল অন্য লোক

বিগত দিনত ৰেল বিভাগৰ নিৰাপত্তাক ভেঙুচালি কৰি ৰে’লৰ ভিতৰতে এগৰাকী যুৱতী আৰু এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰৰ পিছতে দেওবাৰে নিশা চাবুৱাত ৰে’ল ক্ৰচিঙত থকা গেটমেনৰ গাফিলতিৰ বাবে বাপেক-পিতকে একেলগে নিজৰ প্ৰাণ হেৰুৱা লগীয়া হয়।
উল্লেখযোগ্য যে দেওবাৰে নিশা এখন আই-২০ গাড়ীয়ে ডিব্ৰুগড় জিলাৰ চাবুৱা ৰে’লগেট অতিক্ৰম কৰিব খোজোতেই ৰাজধানী এক্সপ্ৰেছে প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত গাড়ীৰ ভিতৰত থকা বাপেক-পুতেক ক্ৰমে বিমল কুমাৰ শৰ্মা আৰু অৰ্ণৱ গাৰ্গ শৰ্মাৰ থিতাতে মৃত্যু হয়।
মন কৰিব লগীয়া যে ঘটনা সংঘটিত হোৱাৰ সময়ত চাবুৱাৰ ৰে’ল ক্ৰচিংটোত ৰে’ল বিভাগৰ গেটমেন হিচাপে থকা লোকজন কৰ্তব্যৰত অৱস্থাত নাছিল। ইয়াৰ বিপৰীতে অন্য এজন লোকেহে ৰে’লগেটত দায়িত্ব পালন কৰিছিল।
লগতে স্থানীয় ৰাইজে ৰে’ল বিভাগৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।
আনহাতে দেওবাৰে সংঘটিত দুৰ্ঘটনাৰ পিছতে আজি ৰেল বিভাগৰ তিনিচুকীয়াৰ এছজিএম মুকেশ নাৰায়ণ আৰু জিএম সঞ্জীৱ নাৰায়ণ ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত বুজ লয়।
লগতে বিষয়া দুৰগৰাকীয়ে ঘটনাৰ তদন্তত যদি গেটমেনৰ গাফিলতি ধৰা পৰে তেন্তে উচিত শাস্তি বিহা হ’ব বুলিও কয়।
ইফালে বিমল কুমাৰ শৰ্মাই পিতেক অৰ্ণৱ গাৰ্গ শৰ্মাৰ বিয়াৰ আঙঠি পিন্ধাই উভতি অহাৰ পথতে এই দুৰ্ঘটনা সংঘটিত হৈ দুয়োৱে একেলগে প্ৰাণ হেৰুৱা ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।