NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষীৰ অধীক্ষক পৰ্য্যায়ত সালসলনি : পূব গুৱাহাটীৰ নতুন ডি চি পি ৰমনদীপ ক’ৰ

Posted by: এন ই নাও নিউজ February 28, 2018 8:25 pm
Assam-Police-Headquarter

অসম আৰক্ষীৰ আৰক্ষী অধীক্ষক পৰ্য্যায়ত আজি কিছু সালসলনি কৰা হৈছে।

সেই অনুসৰি পূব গুৱাহাটীৰ উপ আৰক্ষী আয়ুক্ত আই পি এছ মহনিচ মিশ্ৰক হাইলাকান্দি জিলাৰ আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে। হাইলাকান্দিৰ আৰক্ষী অধীক্ষক এ’ পি এছ প্ৰণৱজ্যোতি গোস্বামীক গুৱাহাটীৰ দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী অধীক্ষকৰূপে কেন্দ্ৰীয় দে’পুটে’চনত যোৱা আই পি এছ বিবেকানন্দ দাসৰ স্থানলৈ বদলি কৰা হৈছে।

আনহাতে গুৱাহাটীৰ অসম আৰক্ষীৰ বি আই (ই অ’)ৰ আৰক্ষী অধীক্ষক আই পি এছ ৰমনদীপ ক’ৰক পূব গুৱাহাটীৰ উপ আৰক্ষী অধীক্ষকৰূপে বদলি কৰা হৈছে।

অসম চৰকাৰৰ গৃ্হ বিভাগৰ অতিৰিক্ত সচিব দীপক মজুমদাৰে আজি জাৰি কৰিছে এই জাননী।