NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াৰ লক্ষীপথাৰত ৰাজপুটনা ৰাইফলছৰ চিকিৎসা শিবিৰ আয়োজন

Posted by: অভিক চক্ৰবৰ্তী February 28, 2018 8:20 pm
Free Medical camp

সদ্ভাৱনা কাৰ্যসূচীৰ অন্তৰ্গত দাও ডিভিজনৰ ৩০২ ফিল্ড হস্পিটেলৰ সহযোগত বুধবাৰে লাইপুলি ব্ৰিগেদৰ ৯ নং ৰাজপুটনা ৰাইফলছ বেটেলিয়নে তিনিচুকীয়া জিলাৰ লক্ষীপথাৰৰ সমিপৰ কাছমাৰি গাঁৱত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰে।

চিকিৎসা শিবিৰটোত মূঠ ৮ গৰাকী চিকিৎসকে মহিলা, শিশু আৰু বৃদ্ধকে ধৰি সকলো বয়সৰ উপস্থিত লোকসকলক চিকিৎসা সেৱাৰ লগতে পৰামৰ্শ আগবঢ়াই। ৮ গৰাকী চিকিৎসকৰ ভিতৰত ভাৰতীয় সেনাৰ দুগৰাকী চিকিৎসা বিষয়াৰ লগতে দুগৰাকী নেত্ৰ বিশেষজ্ঞ, দুগৰাকী ই এন টি বিশেষজ্ঞ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ দুগৰাকী ঔষধ বিশেষজ্ঞই চিকিৎসা শিবিৰটোলৈ অহা লোকসকলক সেৱা আগবঢ়াই।

সফলতাৰে আয়োজন হৈ যোৱা চিকিৎসা শিবিৰটোত অঞ্চলটোৰ প্ৰায় ৭০০ গৰাকী লোকে বিনামূলীয়া ঔষধৰ লগতে চিকিৎসা বিশেষজ্ঞ সকলৰ পৰা স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ লাভ কৰে।

লক্ষীপথাৰৰ সমীপৰ কাছমাৰি গাঁৱৰ দৰে এক ভিতৰুৱা অঞ্চলত উক্ত চিকিৎসা শিবিৰটো আয়োজন কৰি অঞ্চলটোত চিকিৎসা সেৱা প্ৰদান কৰাৰ বাবে স্থানীয় লোকে ৰাজপুটনা ৰাইফলছৰ শলাগ লয়।