NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষীৰ আক্ৰমণৰ বলি হোৱা মিজো সাংবাদিকৰপৰা আৰক্ষীয়ে ক্ষমা মগা উচিত : মিজোৰাম সাংবাদিক সংস্থা

Posted by: সংযুৱালা মাৰ March 8, 2018 10:36 pm
assam police lathicharge in mizoram-assam border

মিজোৰাম সাংবাদিক সংস্থাই বৃহস্পতিবাৰে অসম আৰক্ষীৰ আক্ৰমণৰ বলি হোৱা মিজো সাংবাদিক কেইজনৰপৰা অসম আৰক্ষীয়ে ক্ষমা মাগিব লাগে বুলি বিবৃতি প্ৰকাশ কৰিছে।

অসম সীমান্তৰ কাষৰীয়া মিজোৰামৰ বাইৰাবি চহৰৰ ওচৰৰ বিবদমান এলেকাত বৃহস্পতিবাৰে মিজো ছাত্ৰ সংস্থাই আজি পুৱা এটা জিৰণি চ’ৰা নিৰ্মাণ কৰিবলে চেষ্টা কৰোঁতে অসম আৰক্ষীয়ে বাধা প্ৰদান কৰি লাঠীচালনা কৰোঁতে আন লোকৰ লগতে দুজন সাংবাদিকো আহত হৈছিল।

সাংবাদিকসকলে পৰিচয় পত্ৰ দেখুওৱাৰ সত্বেও অসম আৰক্ষীয়ে তেওঁলোকক আক্ৰমণ কৰে বুলি অভিযোগ কৰি মিজো সাংবাদিক সংস্থাটোৱে কয় যে সাংবাদিকৰ ওপৰত হোৱা এই আক্ৰমণ কোনো কাৰণতে মানি ল’ব নোৱাৰি।

ঘটনাথলীত উপস্থিত থকা মিজো সাংবাদিক এম এচ দংলিয়ানাই কয়, ‘অসমৰ জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু জিলা দণ্ডাধীশগৰাকী ঘটনাথলীত উপস্থিত আছিল, কিন্তু সাংবাদিকসকলক আক্ৰমণৰ সময়ত তেওঁলোকে একো ব্যৱস্থা নল’লে।’

সকলো মিজো সাংবাদিক সংস্থাৰ উমৈহতীয়া সংগঠন মিজোৰাম সাংবাদিক সংস্থা (Mizoram Journalists’ Association)ৰ কলাচিব জিলা সমিতিয়ে ঘটনাথলীত থকা সাংবাদিকসকলৰ বাহনসমূহো অসম আৰক্ষীয়ে আক্ৰমণ কৰিছিল বুলি কৈছে।

আহতসকলৰ ভিতৰত মিজোৰাম সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক, দৈনিক কাকত ‘আইজল প’স্ত’ৰ যুটীয়া সম্পাদক জহমিংমাৱিয়া আৰু ‘দুহলাই’ কাকতৰ যুটীয়া সম্পাদক আৰ লালনুনৱাইয়াও আছিল।

আহত সাংবাদিক কেইজনক বাইৰাবি ৰাজহুৱা স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা কৰাৰ পিছত কলাচিবৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

মিজোৰাম সাংবাদিক সংস্থাৰ বিবৃতিটোত কোৱা হৈছে ‘সীমা বিবাদক লৈ মিজোৰাম সাংবাদিক সংস্থাৰ ক’ব লগা নাই। সংস্থাই বিশ্বাস কৰে যে দুয়ো ৰাজ্যৰ চৰকাৰে এক গ্ৰহণযোগ্য সমাধান উলিয়াব। কিন্তু এই আক্ৰমণৰ আমি তীব্ৰ গৰিহণা দিছো আৰু অসম আৰক্ষীৰ পৰা যথাযোগ্য প্ৰতিক্ৰিয়া দাবী কৰিছো। সংবাদ মাধ্যমৰ স্বাধীনতা আৰু সাংবাদিকৰ ওপৰত আক্ৰমণ কোনো কাৰণতে কৈফিয়ৎসাধ্য নহয়।’

সংগঠনটোৰ কলাচিব জিলাৰ সভাপতি মাংহাকাই কয়, ‘সাক্ষী হোৱা আৰু ৰাইজৰ বাবে সংবাদ পৰিৱেশন কৰাটো সাংবাদিক হিচাপে আমাৰ দায়িত্ব।’