NORTHEAST NOW (Assamese)
অসম

AIUDF ৰে বিজেপিৰ মধুৰ সম্পৰ্ক! বিজেপিক শাসনলৈ অনাত আছিল ডাঙৰ ভূমিকা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 3, 2021 9:50 pm
AIUDF ৰে বিজেপিৰ মধুৰ সম্পৰ্ক! বিজেপিক শাসনলৈ অনাত আছিল ডাঙৰ ভূমিকা

বিজেপি দল অসমত গজগজীয়া হোৱাৰ কাৰণ কি?

AIUDF ৰে সৈতে বিজেপিৰ মধুৰ সম্পৰ্কই বিজেপিক শাসনলৈ অনাত ডাঙৰ ভুমিকা ল’লে।

সংবাদমেল পাতি এই বিস্ফোৰক অভিযোগ ৰাইজৰ দলৰ উপ-সভাপতি কমল কুমাৰ মেধিৰ।

ইপিনে, কংগ্ৰেছ মহাজোঁটত সাম্প্ৰদায়িক AIUDF থকাৰ বাবেই বিজেপিক পৰাভূত কৰিব নোৱাৰিলে বুলি বিস্ফোৰক অভিযোগ কমল মেধিৰ।

নিৰ্বাচনত জয়ী হৈ বিজেপিয়ে চৰকাৰ বনোৱাৰ পাছতে বিজেপিৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে AIUDF নেতৃত্ব। BJP- AIUDF দুয়োটা দলেই দুয়োটা দলক শক্তিশালী হৈ থকাটো বিচাৰে বুলিও মেধিয়ে কয়।

সেয়েহে আগন্তুক উপ-নিৰ্বাচনত AIUDF ক বাদ দি বিৰোধী ঐক্য গঠন হোৱাৰ পোষকতা কৰে ৰাইজৰ দলে।

ইপিনে, উক্ত সংবাদমেলতে বিজেপি-AIUDF ৰ সম্পৰ্ক মধুৰ বুলি দাবী কৰাৰ লগতে ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰক লৈয়ো AIUDF নেতৃত্বৰ কোনো প্ৰতিক্ৰিয়া নাই বুলি দাবী কৰে।

তেওঁ প্ৰশ্ন কৰে যে দল বিৰোধী কাৰ্য্যকলাপৰ বাবে AIUDF য়ে কিয় বহিস্কাৰ কৰা নাই ফণী তালুকদাৰক?

উপ নিৰ্বাচনত ৰাইজৰ দলৰ আহ্বান শুনিবনে কংগ্ৰেছে? AIUDF ক বাদ কৰি বিৰোধীৰ একোজন প্ৰাৰ্থী থিয় কৰাব পাৰিবনে? এয়া কেনেদৰে সম্ভৱ হৈ উঠিব সেয়া সময়ত লক্ষণীয় হ’ব।