NORTHEAST NOW (Assamese)
অসম

কিম জং উনৰ মূৰত বেণ্ডেজ; আৰম্ভ নতুন জল্পনা-কল্পনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 3, 2021 9:16 pm
Kim jung un

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ স্বাস্থ্যক লৈ পুনৰ নতুন জল্পনা-কল্পনা আৰম্ভ হৈছে।

শেহতীয়াভাৱে মূৰত সৰু বেণ্ডেজ আৰু ক’লা এটি চিন লৈ ৰাজহুৱাভাৱে সন্মুখলৈ আহিছিল কিম। তাৰ পাছতেই বিভিন্ন ধৰণৰ চৰ্চা আৰম্ভ হৈছে।

আমেৰিকাৰ সংবাদ মাধ্যম এন কে নিউজৰ মতে ২৪ৰপৰা ২৭ জুলাইৰ ভিতৰত সামৰিক অনুষ্ঠানত যোগ দিয়াৰ সময়তে কিমৰ মূৰৰ পিছপিনে বেণ্ডেজ দেখা গৈছে।

ইয়াৰ পূৰ্বে ২৯ জুনত দলৰ পলিটব্যুৰোৰ বৈঠকত তথা ১১ জুলাইত সংগীত শিল্পীসকলৰ এক অনুষ্ঠানত কিমৰ মূৰত কোনো বেণ্ডে বা ক্ষতচিহ্ন প্ৰত্যক্ষ কৰা হোৱা নাছিল।

কিন্তু জুলাইৰ শেহৰ পিনেও আন এটা অনুষ্ঠানত কিমৰ মূৰত বেণ্ডেজ দেখা পোৱা নগৈছিল যদিও ক’লা দাগটো আছিল।

অৱশ্যে, দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা বিষয়াসকলৰ মতে কিমৰ স্বাস্থ্যক লৈ তেনেকুৱা কোনো চিন্তাজনক কাৰণ দেখা নাই।