NORTHEAST NOW (Assamese)
অসম

অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নকাকত ‘ফাদিল’!

Posted by: এন ই নাও নিউজ March 5, 2018 9:55 pm
অসম উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নকাকত ‘ফাদিল’!

অসম উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চলি থকা পৰীক্ষাৰ ৯ মাৰ্চত হ’ব লগা পদাৰ্থ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

অসমৰ এটা ইলেকট্ৰনিক সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুযায়ী গোৱালপাৰাৰ এখন বেচৰকাৰী শিক্ষানুষ্ঠানে আৰ্হি কাকত হিচাপে উলিওৱা পদাৰ্থ বিজ্ঞানৰ কাকতখনেই চূড়ান্ত পৰীক্ষাৰো কাকত বুলি বাতৰি ওলাইছে।

খবৰটোৱে অসমজুৰি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত ব্যাপক চাঞ্চল্য আৰু দুশ্চিন্তাৰ সৃষ্টি কৰিছে।

অভিযোগটোৰ সত্যতা এতিয়াও নিশ্চিত কৰিব পৰা হোৱা নাই।

ইয়াৰ পূৰ্বেও অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ব’হাগ বিহুৰ উৰুকাৰ বাবে চলি থকা প্ৰথম বাৰ্ষিকৰ এটা পৰীক্ষাৰ দিন সলনি কৰিছিল।