NORTHEAST NOW (Assamese)
অসম

ৰাজনৈতিক মেৰপেছৰ অৱসান ঘটাই সাম্প্ৰদায়িক ঐক্যতা আনিব লাগিব: আই আই টিত ডঃ দিব্যজ্যোতি শইকীয়া

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 25, 2022 2:59 pm

দেশৰ  আগশাৰীৰ  শিক্ষানুষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনল’জী চমুকৈ আই আই টিৰ ডঃ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত  আগন্তুক ২০২৩ বর্ষৰ বিখ্যাত  অলচাৰিংগা অনুষ্ঠানৰ লগত সংগতি ৰাখি দেওবাৰে “ঐক্যম”নামৰ এক সাম্প্ৰদায়িক সদ্ভাৱনামূলক বিশেষ কার্যসূচী অনুষ্ঠিত হৈ যায়।

ভাৰতে  স্বাধীনতা লাভ কৰা ৭৫ বছৰ পিছতো দেশত সাম্প্ৰদায়িক সদভাৱৰ অভাৱ পৰিলক্ষিত হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ গুৱাহাটীস্থ আই আই টিত অধ্যয়নৰত দেশৰ ছাত্ৰ সমাজে বিষয়টো অনুধাৱন কৰি “ঐক্যম” নামেৰে এই সাম্প্ৰদায়িক সদ্ভাৱনা মূলক  কাৰ্যসূচীৰ আয়োজন কৰে।

উক্ত কাৰ্যসূচীত পেনেলিষ্ট হিচাপে উপস্থিত থাকে অসমৰ প্ৰেৰণাত্মক বক্তা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া। ডাইনী অন্ধবিশ্বাসৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি সংগ্ৰাম অব্যাহত ৰাখি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা লাভ কৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ নাম উজলাবলৈ সক্ষম হৈছে ডঃ শইকীয়া।

ঐক্যম কাৰ্যসূচীত উপস্থিত থাকি ডঃ শইকীয়াই কয় যে প্ৰগতিৰ বাবে শান্তিৰ প্ৰয়োজন আৰু আন আন কাৰকৰ লগতে সাম্প্ৰদায়িক সদ্ভাৱনাৰ যোগেৰেহে ই সম্ভৱ। প্ৰকৃত গুণগত শিক্ষাৰ দ্বাৰাহে সাম্প্ৰদায়িক ঐক্যতা আনিব পৰা যায়।

তেওঁ লগতে কয় যে ৰাজনৈতিক মেৰপেছৰ পৰা মুক্ত হৈ যুক্তিৰে সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে থিয় দি শান্তি শৃংখলা বৰ্তাই সুস্থিৰ মানসিকতাৰে সাম্প্ৰদায়িক একতা আনিব লাগিব।

আনহাতে, অলচাৰিঙগা অনুষ্ঠানৰ ঐক্যম কাৰ্যসূচীত প্ৰখ্যাত লেখক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্ত, মাণ্ডকাটাত অৱস্থিত কমাণ্ডু বেটেলিয়ানৰ কামাণ্ডেণ্ট  আই পি এছ প্ৰতীক ভি থুবে, সাংবাদিক, হিন্দী দৈনিক পূৰ্ব্বোদয় কাকতৰ সম্পাদক ৰবি শংকৰ ৰবিয়ে ভাগ লয়।

ৰাজনৈতিক মেৰপেছৰ পৰা নিজকে আঁতৰাই ৰাখি সুষ্ঠ মানসিকতাৰ জৰিয়তে সাম্প্ৰদায়িকতাবাদৰ অৱসান ঘটাব পৰা যাব বুলি কেউজন পেনেলিষ্টে মতপোষণ কৰে। অনুষ্ঠানটোৰ আঁতধৰে পি টি আইৰ সাংবাদিক ত্ৰিদীপ লহকৰে।