NORTHEAST NOW (Assamese)
অসম

ক’ৰ’না পৰিস্থিতিয়ে উপাৰ্জনহীন কৰিছে ইভেণ্ট তথা ডেকৰেটৰচ শিল্পীক, সহায় বিচাৰি মুখ্যমন্ত্ৰীলৈ পত্ৰ

Posted by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও Updated by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও September 19, 2021 7:06 pm

ক’ৰ’না পৰিস্থিতিৰ বাবে দীৰ্ঘদিন ধৰি উপাৰ্জনহীন হৈ পৰিছে ইভেণ্ট তথা ডেকৰেটৰচ শিল্পৰ সৈতে জড়িত লোকসকল।

উপাৰ্জনৰ কোনো বিকল্প পথ নেদেখি এতিয়া দিশহাৰা হৈ পৰিছে এই পেছাৰ সৈতে জড়িত লোকসকল।

চৰকাৰেও ইভেণ্ট তথা ডেকৰেটৰচ শিল্পৰ সৈতে জড়িত লোকসকলক সকাহ দিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

এনে পৰিস্থিতিত ধৰ্ণা কাৰ্যসূচী পালন কৰিবলৈ বাধ্য হৈছে ইভেণ্ট তথা ডেকৰেটৰচ শিল্পৰ সৈতে জড়িত লোকসকলে ৷

উল্লেখ্য যে ইভেণ্ট আৰু ডেকৰেটৰচ শিল্পৰ সৈতে জড়িত সকলৰ উমৈহতীয়া সংগঠন বঙাইগাঁও জিলা ইভেণ্ট এণ্ড ডেকৰেটৰচ ৱেলফেয়াৰ এচোছিয়েচনৰ উদ্যোগত বঙাইগাঁও গান্ধী ময়দানত অলপতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

কাৰ্যসূচীৰ অন্তত জিলা সমিতিৰ তৰফৰ পৰা বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

স্মাৰকপত্ৰত ইভেণ্ট আৰু ডেকৰেটৰচ শিল্পৰ সৈতে জড়িত সকলো কাম নিয়মিতভাবে চলাই যোৱাৰ দাবী জনোৱাৰ লগতে ৰাজ সাহায্য প্ৰদান কৰাৰো দাবী জনোৱা হয় ৷