NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় অপেন এথলেটিকছ প্ৰতিযোগিতাত সোণৰ পদক লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অম্লান বৰগোঁহাইয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 19, 2021 6:40 pm
ৰাষ্ট্ৰীয় অপেন এথলেটিকছ প্ৰতিযোগিতাত সোণৰ পদক লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে অম্লান বৰগোঁহাইয়ে

অসমত যেন ক্ৰীড়াৰ পৰিবেশ ক্ৰমাৎ উন্নত হৈ আহিছে।

লাভলীনা বৰগোঁহাইৰ বিশ্ব জয়ৰ পিছত এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে আন এগৰাকী খেলুৱৈ অম্লান বৰগোঁহাইয়ে ।

তেলেংগানাত অনুষ্ঠিত ৰাষ্ট্ৰীয় অপেন এথলেটিকছ চেম্পিয়নশ্বিপত অসমৰ অম্লান বৰগোঁহাইয়ে ২০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।

৬০সংখ্যক ৰাষ্ট্ৰীয় অপেন এথলেটিকছ প্ৰতিযোগিতাত আজি পুৰুষৰ ২০০ মিটাৰ দৌৰত ২০.৭৫ ছেকেণ্ডত অভিলেখ সৃষ্টি কৰি সোণৰ পদক অৰ্জন কৰে অম্লান বৰগোঁহাইয়ে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ৬০সংখ্যক ৰাষ্ট্ৰীয় অপেন এথলেটিকছ প্ৰতিযোগিতাত পুৰুষৰ ১০০ মিটাৰ দৌৰত অম্লান ৰূপৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছে।

অসমৰ খেলুৱৈ গৰাকীৰ এনে সাফল্যত এতিয়া উৎফুল্লিত হৈ পৰিছে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীসকল।

অসমৰ বহু লোকে ৬০সংখ্যক ৰাষ্ট্ৰীয় অপেন এথলেটিকছ প্ৰতিযোগিতাত দুটাকৈ পদক জয় কৰা অম্লান বৰগোঁহাইক শুভেচ্ছা জ্ঞাপন কৰিছে।

ক্ৰীড়াপ্ৰেমীসকলে অম্লান বৰগোঁহাইক অসমৰ গৌৰৱ বুলি অভিহিত কৰিছে।