মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

ভাৰতীয় ক্ৰিকেটৰ এটা স্মৰণীয় অধ্যায়ৰ অন্ত পৰিল। বৃহস্পতিবাৰে অভিজ্ঞ বেটছমেন অজিংক্য ৰাহানেই সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। এদশকৰো অধিক সময় তেওঁ ভাৰতীয় দলৰ এজন নিৰ্ভৰযোগ্য সদস্য হিচাপে দেশৰ হৈ খেলিছে।
ৰাহানে তেওঁৰ উৎকৃষ্ট টেকনিক, চাপত শীতল মস্তিষ্কৰ বেটিং আৰু বিদেশৰ মাটিত ধাৰাবাহিক সফলতাৰ বাবে ক্ৰিকেট অনুৰাগীৰ পৰা বিশেষ সন্মান লাভ কৰিছিল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে তেওঁ ৮ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে। তেওঁ দেশৰ হৈ ৮৫খন টেষ্ট, ৯০খন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় আৰু ২০খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।
ৰাহানেৰ ক্ৰিকেট কেৰিয়াৰৰ আটাইতকৈ উজ্জ্বল অধ্যায়টো নিঃসন্দেহে বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২০-২১। এডিলেইড টেষ্টত অপমানজনক পৰাজয়ৰ অন্তত বিৰাট কোহলি যেতিয়া ঘৰলৈ উভতি আহিছিল, তেতিয়া নেতৃত্বৰ দায়িত্ব তেওঁৰ কান্ধত পৰিছিল।
আঘাতৰ বাবে কেইবাজনো তাৰকা ক্ৰিকেটাৰ খেলপথাৰৰ পৰা আঁতৰি থকাৰ পিছতো তেওঁ মেলবৰ্ণ টেষ্টত শতক অৰ্জন কৰি দলটোক প্ৰত্যাৱৰ্তনৰ পথ দেখুৱাইছিল। তেওঁৰ নেতৃত্বত ভাৰতে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা ঐতিহাসিক টেষ্ট শৃংখলাত ২-১ ব্যৱধানত জয়লাভ কৰি ইতিহাসৰ সৃষ্টি কৰে। সেই ছিৰিজটোক আজিও ভাৰতীয় ক্ৰিকেটৰ অন্যতম বৃহৎ কৃতিত্ব বুলি গণ্য কৰা হয়।
ভাৰতীয় জাৰ্চি পিন্ধি ৰাহানেৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ আছিল ২০২৩ চনত, ৱেষ্ট ইণ্ডিজ ভ্ৰমণৰ এখন টেষ্ট। তেওঁ শেষবাৰৰ বাবে ২০১৮ চনত ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেট খেলিছিল। টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তেওঁৰ শেষ খেল আছিল ২০১৬ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে।
অৱসৰৰ কথা ঘোষণা কৰাৰ সময়তে ৰাহানে ইনষ্টাগ্ৰামত এটা আৱেগিক ভিডিঅ’ পোষ্ট কৰে। তাত তেওঁ লিখিছে, – Cap 278 signing off. Thank you for all the love and support over the years. Forever grateful। ভিডিঅ’ বাৰ্তাটোত তেওঁ কয় যে জীৱনৰ সকলো বস্তুৰে আৰম্ভণি আৰু অন্ত থাকে। এজন বেটছমেন হিচাপে তেওঁ সদায় সঠিক সময়ৰ গুৰুত্ব বুজি পাইছে, আৰু তেওঁ অনুভৱ কৰিছে যে এইটোৱেই হৈছে ক্ৰিকেটক বিদায় দিয়াৰ উপযুক্ত সময়।
ইয়াৰ পূৰ্বে বিগত কেইটামান ছিজনত আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়কো আছিল। যদিও তেওঁৰ নেতৃত্বত দলটোৱে প্লে অফলৈ যাব পৰা নাছিল, তথাপিও তেওঁৰ অভিজ্ঞতা আৰু নেতৃত্বৰ গুণৰ বাবে তেওঁ দলটোৰ এজন গুৰুত্বপূৰ্ণ সদস্য আছিল। ঘৰুৱা ৰেডবল ক্ৰিকেটতো তেওঁ নিয়মীয়াকৈ মুম্বাইৰ হৈ খেলিছিল।
ৰাহানেৰ অৱসৰৰ প্ৰতি শ্ৰদ্ধা জনাই মুম্বাই ক্ৰিকেট সন্থাৰ সভাপতি অজিংক্য নাইকে কয়, “অজিংক্য ৰাহানেৰ অৱসৰৰ লগে লগে ভাৰতীয় ক্ৰিকেটৰ এক গৌৰৱময় অধ্যায়ৰ অন্ত পৰিল। চাপৰ সময়ত তেওঁৰ স্থিৰতা, নিষ্ঠা আৰু উৎকৰ্ষতাৰ প্ৰতি অংগীকাৰে তেওঁক মুম্বাই ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ দূত হিচাপে প্ৰতিষ্ঠা কৰিছে। তেওঁৰ উত্তৰাধিকাৰে পৰৱৰ্তী প্ৰজন্মৰ ক্ৰিকেট খেলুৱৈক অনুপ্ৰাণিত কৰিব।”
বেটিঙত তেওঁৰ নিৰ্ভৰযোগ্যতাৰ লগতে শ্লিপত উৎকৃষ্ট কেচ লোৱাৰ ক্ষমতাই তেওঁক ভাৰতীয় টেষ্ট দলৰ অপৰিহাৰ্য সদস্য কৰি তুলিছিল। নিস্বাৰ্থ দলীয় মনোভাৱ, ধৈৰ্য্য, নেতৃত্ব আৰু কঠিন পৰিস্থিতিত দায়িত্ব লোৱাৰ ক্ষমতাৰ বাবে ভাৰতীয় ক্ৰিকেটত অজিংক্য ৰাহানেক সদায় স্মৰণ কৰা হ’ব।’