“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

পৰীক্ষা ব্যৱস্থাৰ স্বচ্ছতা ঘূৰাই আনিবলৈ সংসদত নতুন বিধেয়ক অনা কাৰ্য্যক আদৰণি জনাইছে শিক্ষাবিদ তথা পৰিৱেশকৰ্মী সোণম ৱাংচুকেই। কিন্তু একে সময়তে তেওঁ কেন্দ্ৰীয় চৰকাৰক এক স্পষ্ট বাৰ্তাও দিছে। তেওঁৰ মতে, কেৱল পৰীক্ষা পাতিবলৈ নতুন নিয়ম বা কঠোৰ আইন বনালেই সমস্যাৰ সমাধান নহয়। বৰঞ্চ দেশৰ সমগ্ৰ শিক্ষা ব্যৱস্থাটোক ভিতৰৰ পৰা উন্নত আৰু শক্তিশালী কৰি তুলিব লাগিব। লগতে নিট আন্দোলনকাৰীসকলৰ বিৰুদ্ধে ৰুজু হোৱা এফ আই আৰ প্ৰত্যাহাৰ কৰিবলৈ আৰু দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিবলৈ মোদী চৰকাৰক আহ্বান জনায় তেওঁ।
শেহতীয়াকৈ নিট পৰীক্ষাৰ অনিয়মৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত হোৱা ধাৰাবাহিক আন্দোলনত অংশগ্ৰহণ কৰিছিল ৱাংচুকেই। একেৰাহে ছাব্বিশ দিন অনশন কৰাৰ পাছত অসুস্থ হৈ পৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশেষত সুস্থ হৈ লাডাখৰ নিজৰ ঘৰলৈ উভতি যোৱাৰ পথতে ছচিয়েল মিডিয়াত এটা ভিডিঅ’ বাৰ্তা প’ষ্ট কৰে শিক্ষাবিদগৰাকীয়ে।
দিল্লীৰ পৰা শ্ৰীনগৰ অভিমুখী বন্দে ভাৰত এক্সপ্ৰেছত উঠি ঘৰলৈ উভতি যোৱাৰ প্ৰথম অভিজ্ঞতা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি সোণম ৱাংচুকক যথেষ্ট উৎসাহিত হোৱা দেখা গৈছে। ভিডিঅ’ বাৰ্তাটোত তেওঁ দেশৰ ৰেল আন্তঃগাঁথনিৰ ভূয়সী প্ৰশংসা কৰে। বিশেষকৈ জম্মু-কাশ্মীৰৰ চেনাব দলঙৰ প্ৰশংসা কৰি তেওঁ কয় যে এই ধৰণৰ বিশাল আন্তঃগাঁথনিগত অগ্ৰগতি আমাৰ ভাৰতৰ সামগ্ৰিক উন্নতিৰ প্ৰতীক।
অৱশ্যে ৰেলৰ প্ৰশংসা কৰাৰ লগতে নিজৰ চিনাকি ভঙ্গীত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক কটাক্ষ কৰিবলৈও পাহৰা নাই লাডাখৰ এই আন্দোলনকাৰীগৰাকীয়ে। এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত ভিডিঅ’টোৰ কেপচনত তেওঁ লিখে যে ভাৰতীয় ৰেলৰ অগ্ৰগতি দেখি আজি তেওঁৰ গৌৰৱ অনুভৱ কৰিছে, আৰু তেওঁ বিচাৰে দেশৰ চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ ক্ষেত্ৰতো যাতে একেদৰেই গৌৰৱ কৰিব পাৰে।
যন্তৰ মন্তৰত আন্দোলন চলি থকাৰ সময়ত আৰক্ষীৰ পদক্ষেপ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰা ঘটনাকো কঠোৰ সমালোচনা কৰে ৱাংচুকে। তেওঁ সোঁৱৰাই দিয়ে যে আন্দোলন শাম কটাৰ সময়ত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা তেওঁক আৰু ককৰোচ জনতা পাৰ্টিক লিখিত আশ্বাস দিয়া হৈছিল যে নিট আন্দোলনৰ লগত জড়িত কোনো ছাত্ৰ-ছাত্ৰী বা প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা লোৱা নহয়। চৰকাৰক সেই কথা ৰাখিবলৈ অনুৰোধ জনাই তেওঁ কয় যে এখন শক্তিশালী আৰু উন্নত ভাৰত গঢ়ি তুলিবলৈ এক সহযোগিতামূলক পৰিৱেশ গঢ়ি তোলাটো আটাইতকৈ বেছি জৰুৰী।