NORTHEAST NOW (Assamese)

অসম চৰকাৰৰ ব্যাপক বাজেট সজাগতা কাৰ্যসূচী আৰম্ভ

January 30, 2018 1:01 pm · এন ই নাও নিউজ

সোমবাৰে অসম চৰকাৰৰ বিত্ত বিভাগে ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটৰ বাবে পৰামৰ্শ বিচাৰি  ব্যাপক নাগৰিক সজাগতা কাৰ্যসূচী আৰম্ভ কৰিছে। এক চৰকাৰী বিবৃতিত এই কথা কোৱা হৈছে।

প্ৰথমবাৰৰ বাবে ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত এনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কামৰূপ (মেট্ৰ’), কামৰূপ (গ্ৰাম্য), ধেমাজি আৰু গোলাঘাট জিলাৰ নিৰ্বাচিত শৈক্ষিক প্ৰতিষ্ঠানত একেলগে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে।

এই কাৰ্যসূচীয়ে ক্ৰমে আন ১২ খন জিলাক সামৰি ল’ব। এসপ্তাহৰ ভিতৰত ৪২ খন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ক সামৰি ল’ব কাৰ্যসূচীয়ে।

গুৱাহাটীৰ কে চি দাস কমাৰ্চ কলেজত অনুষ্ঠিত মত বিনিময় অনুষ্ঠানত অধ্যক্ষতা কৰে অসম চৰকাৰৰ বিত্ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব ভি বি প্যাৰেলালে।

গুৱাহাটী বিশ্বিবদ্যালয়ত অনুষ্ঠিত হোৱা আন এক মত বিনিময় অনুষ্ঠানত সভাপতিত্ব কৰে বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই।

ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ত অনুষ্ঠিত কাৰ্যসূচীত ৰাজ্যৰ বিত্ত বিভাগৰ আয়ুক্ত-সচিব শ্যাম জগন্নাথনে অধ্যক্ষতা কৰে।

এই বছৰ অসম চৰকাৰে নাগৰিকৰ পৰা পৰামৰ্শ বিচাৰি বহুমুখী পৰিকল্পনা গ্ৰহণ কৰিছে। নাগৰিকসকলে  assam.mygov.in আৰু বিত্ত বিভাগৰ ৱেবছাইট  http://finance.assam.gov.in লৈ তেওঁলোকৰ পৰামৰ্শসমূহ ২০১৮ৰ ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব।

অসম চৰকাৰে ২০১৮-১৯ চনৰ ৰাজ্যৰ বাজেটখন পৰম্পৰাগত পেপাৰ সম্বলিত বাজেটৰ পৰিৱৰ্তে ই-বাজেট হিচাপে দাখিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ইয়াৰ দ্বাৰা অসমে সফলতাৰে ই-বাজেট ৰূপায়ন কৰা কেইখনমান ৰাজ্যৰ শাৰীত স্থান পাব।

ইয়াৰ আগেয়ে বাজেটৰ কপি বিধানসভাৰ সদস্যসকল, বিভিন্ন বিভাগ, সংবাদ মাধ্যম আৰু সাধাৰণ নাগৰিকৰ বাবে ছপা কৰা হৈছিল।

অহা ২০১৮ ৰ মাৰ্চত ৰাজ্যখনৰ প্ৰত্যেকে বাজেট সম্পৰ্কিত তথ্যসমূহ এটা মাত্ৰ মাউচৰ ক্লিকৰ জৰিয়তে ৱেবছাইটত বা তেওঁলোকৰ মোবাইল তথা টেবলেটত চোৱাৰ সুবিধা পাব।

আন এক পৰিৱৰ্তনৰ দিশত ২০১৮-১৯ বৰ্ষৰ বাজেটে কন্যা সন্তান, বিশেষভাৱে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে সবলীকৰণ, সমানতা আৰু উন্নত জীৱন যাত্ৰা নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব।

Related News