NORTHEAST NOW (Assamese)

এ জে ৱাই চি পিৰ বিশ্বনাথ চাৰিআলি নগৰ সমিতিৰ দক্ষিণ চাৰিআলি শাখা সমিতি গঠন

March 25, 2018 9:50 pm · কাজি জেইদুল ইছলাম

দেওবাৰে অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি নগৰ সমিতিৰ কাৰ্যালয়ত এখন যোগদান সভা অনুষ্ঠিত হয় ৷

উক্ত সভাত বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ অন্তৰ্গত দক্ষিণ চাৰিআলি শাখা সমিতিখন গঠন কৰা হয় ৷

আঞ্চলিক সমিতিৰ সাংস্কৃতিক সম্পাদক মানস বৰাই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে আঞ্চলিক সমিতিৰ সভাপতি ঈশান প্ৰতিম শইকীয়াই ৷

আনহাতে উক্ত সভাতে ৫৩ জন যুৱক-যুৱতীয়ে পৰিষদৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অসম জাতীয়তাবাদী যুৱ -ছাত্ৰ পৰিষদৰ সদস্যৰ পদ গ্ৰহণ কৰে ৷ এই সভাতেই ৰিপন হাজৰিকাক সভাপতি আৰু যুৱৰাজ কটোৱালক সাধাৰণ সম্পাদক হিচাপে লৈ শক্তিশালী দক্ষিণ চাৰিআলি শাখা সমিতি গঠন কৰা হয় ৷

উক্ত সভাত কেন্দ্ৰীয় যুটীয়া সম্পাদক জিতু শৰ্মা ,বিশ্বনাথ জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰজ্যোতি বৰা, বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিৰ উপদেষ্টা যতীন বৰা আৰু নিহাৰ শইকীয়াকে ধৰি বহু সংখ্যক আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে ৷

Related News