NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ বটদ্ৰৱাৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত জাকিৰ হুছেইনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ

Posted by: এন ই নাও নিউজ March 25, 2018 10:15 pm

সমগ্ৰ ৰাজ্য কঁপাই যোৱা নগাঁৱৰ বটদ্ৰৱাৰ দলবদ্ধ ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত তথা নৰপিশাচ জাকিৰ হুছেইনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ।

প্ৰাপ্ত তথ্য মতে নগাঁৱৰ ইটাপাৰা লাওগাঁৱৰ পৰা আৰক্ষীয়ে জাকিৰ হুছেইনক আটক কৰে।

আৰক্ষীয়ে সূত্ৰই জনোৱা অনুসিৰ জাকিৰ হুছেইনৰ কল ৰেকৰ্ডৰ আঁত ধৰিয়েই জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে জাকিৰ হুছেইনে লগৰ এজন সহযোগীক ফোন কৰিছিল। আৰু আৰক্ষীয়ে তাৎক্ষণিকভাৱে সহযোগী জনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে আৰক্ষীৰ ফাণ্ডত পৰে জাকিৰ হুছেইন।

এই নৰপিশাছ জাকিৰ হুছেইনে লগৰ দুজন সহযোগীৰ সৈতে মিলি ২৩ মাৰ্চত স্কুলৰ পৰা আহি থকা অৱস্থাত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি জ্বলাই দিছিল।

আনহাতে জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ লগে লগে সকলোৱে জাকিৰক অতি শীঘ্ৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ দাবী জনাইছ।