NORTHEAST NOW (Assamese)
অসম

যিকোনো সময়তে ভৰলু নদীত খহি পৰিব পাৰে ভঙাগড়ৰ এটা পথ : ডেৰ বছৰেও গা নলৰিল গড়কাপ্তানি বিভাগৰ

Posted by: কল্পজ্যোতি শইকীয়া March 25, 2018 10:17 pm
smart_city

গুৱাহাটী মহানগৰীক স্মাৰ্ট চিটী হিচাপে গঢ় দিয়াৰ কথা বাৰে বাৰে কৈ আহিছে ৰাজ্যিক তথা কেন্দ্ৰৰ বিজেপি চৰকাৰ। কিন্তু যোৱা ডেৰ বছৰেও মহানগৰীৰ বিভিন্ন অঞ্চলৰ পথৰ যি দুৰৱস্থা তাৰ কোনো পৰিৱৰ্তন দেখা নগ’ল। তাৎপৰ্য্যপূৰ্ণভাৱে কালি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে স্মাৰ্ট চিটী প্ৰকল্পৰ বাবদ ১৯১ কোটি টকা তথা নগৰ উন্নয়নৰ বাবদ ৯৯ কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা আবণ্টন দিয়া হৈছে বুলি কৈছিল যদিও মহানগৰীৰ বিভিন্ন প্ৰান্তক এতিয়াও উন্নয়নৰ সৌভাগ্যই স্পৰ্শ কৰা নাই।

মন কৰিব লগীয়া কথা যে মহানগৰীৰ ভঙাগড়ৰ সেই পথটোৱেদি এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ কাৰ্য্যালয়লৈও বিষয়াসকল অহা-যোৱা কৰে বুলি স্থানীয় লোকসকলে জানিবলৈ দিয়ে।

জানিব পৰা মতে উক্ত অঞ্চলৰ সেই পথছোৱাৰ যি দুৰৱস্থা, সেয়া পথচাৰীসকলৰ বাবে বিপজ্জনক হৈ পৰিছে। সেই ঠাইত পথৰ এছোৱা অংশ তললৈ বহি গৈছে। তদুপৰি সেই পথটোৱেদি অহৰহ বাহন আহি থাকে, কিন্তু সেই পথছোৱাৰ অৱস্থা প্ৰায় ১ বছৰ পাৰ হৈ যোৱাৰ পিছতো যেন বিভাগীয় কৰ্তৃপক্ষৰ গা লৰা নাই।

লক্ষণীয়ভাৱে উক্ত বিপদসংকুল পথছোৱাৰ নিচেই কাষতে ৰাষ্ট্ৰভাষা প্ৰভাকৰ মধ্য ইংৰাজী বিদ্যালয়খনো অৱস্থিত। সেই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনলৈও কেতিয়াবা পথটোৱে বিপদ কঢ়িয়াই আনিব পাৰে। কাৰণ কোন মুহূৰ্তত পথছোৱা খহি পৰে তাৰ কোনো ঠিকনা নাই।

তাৎপৰ্য্যপূৰ্ণভাৱে বিদ্যালয়খনৰ সন্মুখেদি ভৰলু নদীখন বৈ গৈছে। কিন্তু বিদ্যালয়খন থকাৰ পিছতো তাত কোনো এখন গাৰ্ড ৱাল নাই। স্থানীয় লোকসকলে জনোৱামতে পূৰ্বে এই ঠাইত গাৰ্ড ৱাল এখন আছিল যদিও ভৰলুৰ কৃত্ৰিম বানপানীয়ে ৱালখন খহাই পেলালে। তাৰ পিছৰ পৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে পথচাৰীসকল এই বিপদসংকুল পথটোৰেই অহা-যোৱা কৰি আছে।

smart_city_2
মহানগৰীৰ মাজমজিয়াৰ ভৰলুৰ কাষতে খহো খহো অৱস্থাত থকা এটা পথ।

আনহাতে এই এন আৰ চি কাৰ্য্যালয়লৈ যোৱা মুখ্যপথছোৱাৰ দুৰৱস্থাৰ সমান্তৰালকৈ ভঙাগড়ৰ পৰা ৰাজগড়লৈ যোৱা পথছোৱাৰো কিছু কিছু ঠাই খালসদৃশ হৈ গৈছে। তৎসত্ত্বেও পৰিৱৰ্তনকামী চৰকাৰখনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।

ভঙাগড় অঞ্চলৰে প্ৰদীপ বৰ্মন নামৰ স্থানীয় লোক এজনে নৰ্থ-ইষ্ট নাওক কয়,

‘নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূবক অষ্টলক্ষ্মী নামাকৰণ কৰিছিল। কিন্তু এতিয়া ইয়াক আমি নষ্ট লক্ষ্মী বুলিহে ক’ব লাগিব। উন্নয়ন কেৱল আঁচনিৰ মাজতে সীমাবদ্ধ।‘

যোৱাবছৰ কৃত্ৰিম বানপানীৰ সময়ত পৰিমল শুক্লবৈদ্য ভঙাগড়ৰ অনিল নগৰ অঞ্চললৈ আহি অঞ্চলবাসীক বানপানীৰ পিছত পথছোৱা নিৰ্মাণ কৰাৰ আশ্বাস দিছিল বুলি তেওঁ মন্তব্য কৰে। ‘কিন্তু দুৰ্ভাগ্যৰ কথা যে তেওঁৰ আমি ছাঁটোকে দেখিবলৈ নোপোৱা হ’লো।‘ তেওঁ কয়।

ইয়াৰোপৰি সেই অঞ্চলৰ বিভিন্ন সমস্যা সন্দৰ্ভত সততে মাত মাতি অহা প্ৰশান্ত বৰ্মনে নৰ্থ-ইষ্ট নাওক কয় ‘এইটো এন আৰ চি কাৰ্য্যালয়লৈ যোৱাৰ মুখ্য পথ , ইয়াত এখন বিদ্যালয় আৰু বৃদ্ধ লোকসলৰ পেনেইচিয়া লেব এটা আছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো বৰ্তমানো তেওঁলোকৰ দৃষ্টিগোচৰ হোৱা নাই। তদুপৰি এই ৰাস্তাৰে মুখ্য মন্ত্ৰীৰ লগতে গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰীও অহা-যোৱা কৰে। কিন্তু তেওঁলোকে নিজেও এই সমস্যাৰ কথা দেখিও চকু মুদা কুলিৰ দৰে এই ৰাস্তাৰে পাৰ হৈ যায়।‘

আনহাতে সেই অঞ্চলৰে এগৰাকী বাসিন্দা হিতেন দত্তই কয়, ‘এই ৰাস্তাৰ নমুনাটো হৈছে বিকশিত অসমৰ এক দুখ লগা ছবি। সোণৰ অসম গঢ়িম বুলি শাসনৰ গাদী দখল কৰা বিজজেপি চৰকাৰে এই সামান্য পথছোৱাৰ নিৰ্মাণ কৰিব নোৱাৰিলে। এইটো অতি লজ্জাজনক কথা। গুৱাহাটী মেডিকেল কলেজৰ প্ৰায় কাষতে লাগি থকা এই সামান্য পথছোৱা নিৰ্মাণ কৰিব নোৱাৰাটো অতি লজ্জাজনক কথা। আঁচনিৰ নামত কিমান ধন আবণ্টিত হৈছে সেই কথা জনাৰ আমাৰ প্ৰয়োজন নাই, সেই আঁচনিখন কাৰ্য্যক্ষেত্ৰত ৰূপায়ণ কৰাটোহে আমাৰ বাবে প্ৰয়োজনীয়।‘