NORTHEAST NOW (Assamese)

অসম-নাগালেণ্ড সীমান্তৰ চুঙাজানত নাগা দুৰ্বৃত্তৰ অগ্নি সংযোগ

January 4, 2018 11:28 am · এন ই নাও নিউজ
Updated: January 4, 2018 11:37 am

গোলাঘাট জিলাৰ অসম নাগালেণ্ড সীমান্তৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত চুঙাজানৰ ৰংপুৰ গাওঁৰ জীৱন বৰা নামৰ এজন লোকৰ ঘৰত বুধবাৰে নিশা কোনো নাগা দুৰ্বৃত্তই অগ্নি সংযোগ কৰে। অগ্নি সংযোগৰ ফলত বৰাৰ ঘৰ দুৱাৰ জ্বলি শেষ হোৱাৰ উপৰি বহু মূল্যৱান সম্পত্তি বিনষ্ট হোৱা পৰিলক্ষিত হয়। এই অগ্নি সংযোগ কৰাৰ পিছতে এতিয়া শংকিত হৈ পৰিছে সীমান্তবাসী অঞ্চলৰ লোক। প্ৰাপ্ত তথ্য মতে, বহুদিনৰ পৰা নাগা দুৰ্বৃত্তই জীৱন বৰাক পথাৰত খেতি নকৰিবলৈ বাধা প্ৰদান কৰি অহাৰ উপৰি ভয়-ভাবুকি প্ৰদান কৰি আহিছিল। তদুপৰি যোৱা ৩ জানুৱাৰীত নাগা দুৰ্বৃত্তই তেখেতৰ  খেতি পথাৰৰ খেতি তহিলং কৰাৰ উপৰি বন্দুক দেখুৱাই মৃত্যুৰ ভাবুকিও দিয়া বুলি জনায়।

লক্ষ্যণীয় যে অশান্ত জৰ্জৰ অসম-নাগালেণ্ড সীমান্তৰ বাসিন্দা সকলক নাগা দুৰ্বৃত্তই এনেদৰে বহুদিনৰে পৰা ভয়-ভাবুকি প্ৰদান কৰি অহা খবৰ প্ৰায়ে সংবাদ মাধ্যমত প্ৰচাৰ হোৱা দেখিবলৈ পাও। ইয়াৰ প্ৰতিবাদত আজিৰে পৰা ধনশিৰি মহকুমাৰ ছাএ সন্থাই নাগালেণ্ডৰ বিৰুদ্ধে এক অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহন কৰিব বুলি আমাক জানিবলৈ দিছে। আনহাতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও এনে দুস্কাৰ্য সংঘটিত কৰা ঘটনাক তীব্ৰ গৰিহনা দিয়াৰ উপৰি সীমান্তৰ জনসাধাৰনৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰক ওচৰত দাবী জনায়।

Related News