NORTHEAST NOW (Assamese)
অসম

অসম প্ৰদেশ কংগ্ৰেছৰ জিলা সমিতিসমূহৰ সভাপতি নিযুক্তি

Posted by: এন ই নাও নিউজ May 1, 2018 11:29 pm
congress-india-campaign

অসম প্ৰদেশ কংগ্ৰেছ ( APCC )ৰ জিলা সভাপতিসকলৰ নাম আজি ১ মে’ত ঘোষণা কৰা হৈছে। দলটোৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধীয়ে জিলা সভাপতিসকলক নিযুক্তি দিয়ে।

সেই অনুসৰি দিলীপ কুমাৰ বৰুৱাক বিশ্বনাথ, ৰাহুল ৰয়ক হাইলাকান্দি, প্ৰদীপ কুমাৰ দে’ক শিলচৰ, বীৰেন সিং ইংতিক কাৰ্বি আংলং, উত্তম সৰকাৰক ধুবুৰী, বিমল মণ্ডলক কোকৰাঝাৰ, শংকৰ প্ৰসাদ ৰয়ক বঙাইগাওঁ, দিগন্ত বৰ্মনক নলবাৰী, ৱাহিদা আহমেদক দৰং, ভীমানন্দ তাঁতীক শোণিতপুৰ, তপন কুমাৰ শৰ্মাক নগাওঁ, অজন্তা নেওগক গোলাঘাট, দীপ গগৈক যোৰহাট, জয়প্ৰকাশ দাসক লখিমপুৰ, জয়ন্ত কলিতাক তিনিচুকীয়া, সুজিত কুমাৰ দাসক চিৰাং, বিষ্টি কুমাৰ বসুমতাৰীক ওদালগুৰি, ধীৰাজ ডেকাক বাক্সা, ঘনশ্যাম কলিতাক কামৰূপ (গ্ৰাম্য), ঋষভ গগৈক ধেমাজি, এতোৱা মুণ্ডাক ডিব্ৰুগড়, সুশান্ত বৰগোহাঁইক শিৱসাগৰ, কুশল কুমাৰ শৰ্মাক গুৱাহাটী মহানগৰ, জোনজোনালী বৰুৱাক মৰিগাওঁ, শান্তনু শৰ্মাক বৰপেটা, নিৰ্মল লাংথাছাক ডিমা হাচাও, আবু ছায়েদক গোৱালপাৰা, মতিউৰ ৰহমান মণ্ডলক দক্ষিণ শালমাৰা, সৰ্থে ক্ৰামছাক পশ্চিম কাৰ্বি–আংলং, পৱিত্ৰ শইকীয়াক চৰাইদেউ, ৰাজীৱ লোচন পেগুক মাজুলী, অৰ্ধেন্দু কুমাৰ দে’ক হোজাই আৰু সটু ৰয়ক কৰিমগঞ্জ জিলাৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে।