NORTHEAST NOW (Assamese)

অসম বন্ধৰ আহ্বান ‘আছা’ৰ কেন্দ্ৰীয় কমিটিয়ে নহয়, সংগঠনৰ পৰা বহিষ্কৃত একাংশইহে দিছে : বন্ধৰ বিৰোধিতা কেন্দ্ৰীয় কমিটিৰ

March 25, 2018 7:53 pm · এন ই নাও নিউজ
Updated: March 25, 2018 7:56 pm

আদিবাসী জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু অসমৰ চাহ শ্ৰমিকসকলৰ ন্যূনতম মজুৰি ৩৫০ টকা কৰাৰ দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ (আছা) নামত সংগঠনটোৰ একাংশই অহা ২৬ মাৰ্চত ১২ ঘণ্টীয়া অসম বন্ধ আহ্বান কৰাৰ পিছত এই বন্ধৰ বিৰোধিতা কৰি আজি এটা প্ৰেছ বিজ্ঞপ্তি দিছে সংগঠনটোৰ কেন্দ্ৰীয় কমিটিয়ে।

আদিবাসী ছাত্ৰ সন্থাই আমালৈ প্ৰেৰণ কৰা বিবৃতিটো।

প্ৰেছ বিবৃতিটোত উল্লেখ কৰা মতে, কেন্দ্ৰীয় কমিটিৰ পৰা জনোৱা মতে এই বন্ধৰ আহ্বান তেওঁলোকে দিয়া নাই আৰু উক্ত তাৰিখতে কোকৰাঝাৰৰ গোসাঁইগাৱঁত ভাতৃপ্ৰতিম সংগঠন সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ ১৩ সংখ্যক অধিৱেশন আছে। গতিকে এই বন্ধই অসুবিধাৰ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। সংগঠনটোৰ পৰা প্ৰেৰণ কৰা বিবৃতিত এইটো কোৱা হৈছে যে তেওঁলোকৰ তৰফৰ পৰা কোনো ধৰণৰ বন্ধ আহ্বান কৰা হোৱা নাই।

আনহাতে, নৰ্থ-ইষ্ট নাওৰ পৰা যোগাযোগ কৰাত সংগঠনটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক দেৱেন ওৰাঙে জনায় যে সংগঠন বিৰোধী কাম-কাজত জড়িত থকা বাবে কেইবাজনকো সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছিল। কি্ন্তু এইসকলে এতিয়াও সংগঠনৰ নামত বিভিন্ন কাৰ্য্যকলাপ, বিবৃতি প্ৰদান আদি চলাই আছে। এওঁলোকে নিজকে নিয়ন্ত্ৰণ নকৰিলে ভৱিষ্যতে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও সম্পাদকজনে কয়।

মন কৰিব লগীয়া কথাটো হ’ল, ‘আছা’ৰ কাৰ্বি আংলং জিলাৰ শাখাই আমালৈ প্ৰেৰণ কৰা এটা প্ৰেছ বিবৃতিত কাইলৈৰ বন্ধটোক সমৰ্থন কৰা বুলি জনাইছে।

Related News