NORTHEAST NOW (Assamese)
অসম

অসম বাজেট ২০১৮’ : বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিলে ৰাজ্যৰ প্ৰথমখন ডিজিটেল বাজেট

Posted by: এন ই নাও নিউজ March 12, 2018 1:15 pm

অসম বিধানসভাত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে অসমৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটখন ডিজিটেল ৰূপত উপস্থাপন কৰিছে। এইবাৰৰ অসমৰ বাজেটখন ছচিয়েল মিডিয়াৰ ফেচবুক, টুইটাৰ আদিৰ যোগেদি ৰাইজে পঢ়িব পাৰিব আৰু লগতে ‘লাইভ’ চাব পাৰিব। ৰাতিপুৱা ১০-৩০ বজাৰ পৰাই বিত্ত মন্ত্ৰালয়ৰ আনুষ্ঠানিক টুইটাৰ যোগে বাজেটৰ আপডেট উপলব্ধ হৈছে।

এইবাৰৰ বাজেটৰ কেইটামান বিশেষ ঘোষণা হ’ল :-

# সংখ্যালঘু সম্প্ৰদায়ৰ সহায়ক হোৱাকৈ মঙলদৈ, হাইলাকান্দি আৰু কৰিমগঞ্জত নতুন মহিলা মহাবিদ্যালয়।

# কামৰূপ, মৰিগাওঁ আৰু ডিমা হাচাওত বিএড কলেজ স্থাপন।

# ডিফু, যোৰহাট আৰু ডিব্ৰুগড়ত আইন মহাবিদ্যালয় স্থাপন।

# তেজপুৰ,শিলচৰ আৰু লখিমপুৰ।

# কোকৰাঝাৰ, তিনিচুকীয়া আৰু নলবাৰীত চিকিৎসা মহাবিদ্যালয়।

# শিক্ষকৰ পৰ্যাপ্ত মাননি নিশ্চিত কৰাৰ বাবে নতুন আইন।

H

# শিক্ষা খণ্ডত বাণিজ্যিকীকৰণ ৰোধ কৰিবলৈ নতুন আইন।

# চিকিৎসা বিভাগত গুণোৎসৱৰ বাবে ৪ কোটি টকা ধাৰ্য।

# পান বজাৰ আৰু উত্তৰ গুৱাহাটীৰ মাজত দলঙৰ বাবে ১৯৫০ কোটি টকা অনুমোদন

# অংগনবাদী আৰু আশা কৰ্মীৰ দৰমহা তথা ভাট্টা বৃদ্ধি।

# সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষকলৈ ইউ জি চিৰ হাৰত দৰমহা।

# সকলো চৰকাৰী বিভাগে ব্যৱহাৰ কৰিব ছচিয়েল মিডিয়া। ইয়াৰ বাবে ৩ কোটি টকা ধাৰ্য।

# মেগা ষ্টীল চিটিৰ বাবে ১৮ কোটি টকা ধাৰ্য।

# পথ উন্নয়নৰ বাবে ‘অসম মালা’ আঁচনি ঘোষণা।

# টিংখং, মাজুলী আৰু হাজোত নতুন পলিটেকনিক।

# কিশোৰী ছোৱালীৰ বাবে মাহিলি ৫০ টকাৰ জলপানি। বেংক একাউন্টৰ জৰিয়তে দিয়া হ’ব ধন।

# আত্মসমৰ্পনকাৰী বিদ্ৰোহীৰ বাবে স্বাৱলম্বনৰ আঁচনি।

# ৫২ লাখ পৰিয়ালৰ বাবে এল ই ডি বাল্ব আগবঢ়োৱাৰ প্ৰস্তাৱ।

# ১০০ বিদেশী ন্যায়াধীকৰণলৈ ১০ কোটি টকাকৈ আৱন্টন।

# সকলো চহৰতে পিপিপি আঁচনিৰ অধীনত ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ।

# সকলো নগৰ সমিতিলৈ ১০ লাখ টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ।

# দিব্যাংগসকলৰ (বিশেষভাৱে সক্ষম) বাবে আঁচনিৰ ম্যাদ বৃদ্ধি।

# বেংক একাউন্ট থকা সকলো চাহ শ্ৰমিকলৈ বীমাৰ সুবিধা ।

# জ্যেষ্ঠ নাগৰিকলৈ ২৫০ টকাৰ মাহিলি পেন্সন। আঁচনিখনে ১৬ লাখ লোকক সামৰি ল’ব।