NORTHEAST NOW (Assamese)
অসম

পুৱতি নিশা শিৱসাগৰত ভয়ংকৰ দুৰ্ঘটনা; দিখৌৰ বুকুত গাড়ী পৰি যোৱাৰ সন্দেহ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 28, 2019 10:26 am

শিৱসাগৰৰ গেমন দলঙত পুৱতি নিশা  সংঘটিত হয় এক পথ দুৰ্ঘটনা। গেমন দলঙৰ ৰেলিঙৰ ৪-৫ টা খুঁটা ভাঙি দুৰ্ঘটনাগ্ৰস্ত গাডী দিখৌ নদীত পৰাৰ সন্দেহ।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে দুৰ্ঘটনাত পতিত এখন আই ২০ গাড়ী উদ্ধাৰ কৰি নিশায়েই থানালৈ লৈ যায়। উদ্ধাৰ হোৱা গাড়ীখনৰ নম্বৰ এছ ০৪ জে ৫৩৩৫।

ঘটনাস্থলীত দুখন গাড়ীৰ মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ইফালে নদীৰ পানীত তেল উপঙি থকালৈ চাই দুৰ্ঘটনাত পতিত আনখন গাড়ী দিখৌ নদীত পৰি যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। বৰ্তমান এছ ডি আৰ এফে দিখৌ নদীত উদ্ধাৰ অভিযান চলাই আছে।

পুৱতি নিশা  স্থানীয় ৰাইজে এক প্ৰকাণ্ড শব্দ শুনিছিল আৰু এই বিষয়ে আৰক্ষীক অৱগত কৰে। পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহি এখন অই ২০ গাড়ী উদ্ধাৰ কৰে যদিও গাড়ীখনত কোনো আৰোহী নাছিল।

ইফালে গেমন দলঙৰ ৰেলিঙৰ ভঙা খুঁটাকেইটালৈ চাই আৰু অন্য এখন গাড়ীৰ ভগ্নাৱশেষ উদ্ধাৰ হোৱাত এখন গাড়ী নদীত পৰাৰ সন্দেহ কৰিছে আৰক্ষীৰ লগতে স্থানীয় ৰাইজে।